Breaking

লাহৰীঘাটত চৰকাৰী কৰ্মচাৰী GRS য়ে মহিলা অপহৰণ কৰি নি পথৰ দাঁতিত অচেতন অৱস্থাত পেলাই থৈ পলায়ন

0 2,020

লাহৰীঘাটত এগৰাকী হিন্দু মহিলাক এজন মুছলমান চৰকাৰী কৰ্মচাৰীয়ে নিশা অপহৰণ কৰি নি অচেতন অৱস্হাত পেলাই থৈ গ’ল ৰাস্তাৰ দাঁতিত। পলাতক যুৱক জনৰ গ্ৰেপ্তাৰৰ দাবীতৰবিবাৰে তীব্ৰ প্ৰতিবাদ জেংপৰিত।ভূৰাগাঁও থানাৰ অন্তৰ্গত নিজ চহৰীয়া পঞ্চায়তৰ জি আৰ এছ ছফিকুল ইছলামৰ গ্ৰেপ্তাৰৰ দাবীত জেংপৰিত ৰবিবাৰে প্ৰতিবাদ  । ১৭ অক্টোবৰত এগৰাকী হিন্দু মহিলাক নিশা অপহৰণ কৰি নি অচেতন অৱস্হাত নিজ চহৰীয়া পঞ্চায়তৰ GRS ছফিকুলে ৰাস্তাৰ দাঁতিত পেলাই  থৈ যোৱাৰ অভিযোগত এই প্ৰতিবাদ। দৈব্য ক্ৰমে সংজ্ঞা ঘুৰাই পোৱাত মহিলা গৰাকীয়ে মাতৃৰ গৃহলৈ গৈ সমস্ত বিবৰি কৈছিল।১৮ অক্টোবৰত ছফিকুলৰ বিৰুদ্ধে মহিলা গৰাকীৰ স্বামীয়ে ভূৰাগাঁও থানাত এজাহাৰ দাখিল কৰিছিল লম্পট ছফিকুলৰ বিৰুদ্ধে। কিন্তু বৰ্তমানো ভূৰাগাঁও আৰক্ষীয়ে আটক কৰিব পৰা নাই ছফিকুলক। নিৰ্যাতিতা মহিলা গৰাকীৰ মুখেৰেই শুনক সেইদিনা প্ৰকৃততে কি ঘটিছিল তেওঁৰ লগতলম্পট ছফিকুল ইছলামৰ বিৰুদ্ধে পূৰ্বেও উত্থাপিত হৈছিল বহু নাৰীৰ শ্লীলতা হানিৰ অভিযোগ।বছৰত দুই তিনি বাৰ বহিঃ ৰাজ্যলৈ প্ৰমোদ বিহাৰ কৰিব যোৱা  ছফিকুলে অৱশেষত অঞ্চল টোৰ হিন্দু মোছলমানৰ সম্প্ৰীতিৰ এনাজৰীও কুলষিত কৰিলে।আৰক্ষীৰ ভুমিকাক লৈ অসন্তুষ্টি প্ৰকাশ অঞ্চলবাসীৰ।  ছফিকুলক চাকৰিৰ পৰা নিলম্বন কৰি দৃষ্টান্তমুলক শাস্তি দিয়াৰ দাবী কৰি অৱশেষত এনেদৰে প্ৰতিবাদত নামি পৰে গাঁওবাসী। এনে প্ৰতিবাদৰ পাছত ভূৰাগাঁও আৰক্ষীয়ে  ছফিকুলক কৰায়ত্ব কৰিবলৈ সক্ষম হবনে নহয় সেয়াহে লক্ষনীয় হৈ পৰিছে।

Leave A Reply