Breaking

চৰকাৰে নামঘৰলৈ আগবঢ়োৱা অনুদানত উৎফুল্লিত নামঘৰীয়া সমাজ

0 1,573

গুৱাহাটী : স্বাধীনোত্তৰ অসমৰ প্রথমখন চৰকাৰে বৈষ্ণৱ সংস্কৃতিৰ প্রাণকেন্দ্ৰ স্বৰূপ নামঘৰসমূহলৈ ব্যাপক হাৰত আৰ্থিক অনুদান আগবঢ়াবলৈ লোৱা সিদ্ধান্তক সময়োপযোগী অসম হিতৈষী বলিষ্ঠ সিদ্ধান্ত বুলি গণ্য কৰিছে সদৌ অসম নামঘৰীয়া সমাজে ৷ যোৱা ৩১ আগষ্টত গুৱাহাটীৰ আনন্দনগৰ উন্নয়ন সমিতিৰ প্রাঙ্গনত অৱস্থিত সদৌ অসম নামঘৰীয়া সমাজৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰ্ণধাৰ সমিতিৰ বৈঠকত চৰকাৰৰ এই সিদ্ধান্তৰ প্রতি পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰি এক প্রস্তাৱ গ্রহণ কৰা হয় ৷ অসমৰ বৈষ্ণৱ সংস্কৃতিৰ প্রচাৰ, প্রসাৰৰ লগতে সমাজ পৰিচালনাত ব্ৰতী হৈ এক সুস্থ আধ্যাত্মিক পৰিবেশ গঢ়ি তোলাত আৰু জাতিভেদবিহীন এখন সমাজ গঠন কৰাত অগ্রগণী ভূমিকা পালন কৰা নামঘৰসমূহলৈ ২.৫ লাখ টকাৰ অনুদান আগবঢ়াবলৈ লোৱা ঐতিহাসিক সিদ্ধান্তই সদ্যহাতে ৮০০০ নামঘৰক সামৰি লৈছে যদিও সদৌ অসম নামঘৰীয়া সমাজে ক্ৰমান্বয়ে সকলো নামঘৰকে আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্রতি আহ্বান জনাইছে ৷ সদৌ অসম নামঘৰীয়া সমাজে চৰকাৰক অনুৰোধ কৰে যে এই নামঘৰসমূহৰ জৰিয়তে বৈষ্ণৱ সংস্কৃতিৰ প্রচাৰ, প্রসাৰ আৰু পৰিচালনাত ব্রতী হৈ থকা অতি দুখীয়া নামঘৰীয়া সকলৰো আৰ্থিক উন্নয়নৰ বাবেও এক অনুৰূপ আঁচনি ঘোষণা কৰিব লাগে ৷ নামঘৰীয়া সমাজে বিশ্বাস কৰে যে চৰকাৰে গ্রহণ কৰা এনে বলিষ্ঠ আঁচনিয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু শ্রীশ্রী মাধৱদেৱ গুৰু দুজনাই ৰোপন কৰি যোৱা বৈষ্ণৱ সমাজখন সৱল কৰাৰ লগতে অসমত সুস্থ জাতি গঠন প্রক্ৰিয়াত অগ্রণী ভূমিকা পালন কৰিব ৷ এনেদৰে সদৌ অসম নামঘৰীয়া সমাজৰ মুখ্য সম্পাদক ৰাতুল গোস্বামীয়ে কয় ৷

Leave A Reply