Breaking

‘আলোচনাৰ বাবে প্ৰতিবাদী মল্লযুঁজাৰুসকলক পুনৰ আমন্ত্ৰণ জনাইছে চৰকাৰে’ ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ…

0 41

প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে চৰকাৰে। ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে টুইট কৰি এই সন্দৰ্ভত তথ্য প্ৰদান কৰে। অনুৰাগ ঠাকুৰে মল্লযুঁজাৰুৰ প্ৰতিবাদক লৈ পুনৰ আমন্ত্ৰণ জনাইছে প্ৰতিবাদী মল্লযুঁজাৰুসকলক। তেওঁৰ টুইটত তেওঁ কয়, ‘মল্লযুঁজাৰুৰ সৈতে জড়িত তেওঁলোকৰ বিষয়সমূহৰ ওপৰত চৰকাৰে কথা পাতিবলৈ সাজু। এই বিষয়ে মল্লযুঁজাৰুসকলক আকৌ এবাৰ আমন্ত্ৰণ জনাইছো।’ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী (অনুৰাগ ঠাকুৰ)ৰ এই টুইটটো প্ৰতিবাদকাৰী মল্লযুঁজাৰু বজৰং পুনিয়াৰ বক্তব্যৰ পিছত আহিছে, য’ত তেওঁ কয় যে ৩ জুনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰিছিল। পুনিয়াৰ মতে, সেই বৈঠকত গৃহমন্ত্ৰীয়ে মল্লযুঁজাৰুসকলৰ সমস্যা সমাধানৰ আশ্বাস দিছিল। এই বক্তব্যৰ পিছত ৫ জুনত সকলো মল্লযুঁজাৰু নিজৰ চাকৰিলৈ ঘূৰি গৈছিল।

বজৰং পুনিয়াই এটা টুইটত স্পষ্ট কৰি দিছিল যে যদিও তেওঁ পুনৰ চাকৰিলৈ ঘূৰি আহিছে। কিন্তু তেওঁৰ আন্দোলন এতিয়াও শেষ হোৱা নাই। তেওঁ স্পষ্ট কৰি দিছে যে ন্যায় নোপোৱালৈকে তেওঁৰ আন্দোলন চলি থাকিব। লগতে দেশবাসীক যিকোনো ধৰণৰ উৰাবাতৰিৰ পৰা আঁতৰি থাকি সংবাদ মাধ্যমৰ আগত বিষয়টো শুদ্ধকৈ প্ৰকাশ কৰিবলৈ আহ্বান জনায়।

ভাৰতীয় মল্লযুঁজ সন্থাৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি বিনেশ ফোগাট, সংগীতা ফোগাট, সাক্ষী মালিক, বজৰং পুনিয়া আৰু সত্যেন্দ্ৰ কাদিয়ানে যোৱা ৩০ জানুৱাৰীত যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে তেওঁৰ বাৰ্তালাপ হয়। ইয়াৰ পিছত চৰকাৰে এম চি মেৰী কমৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰি বিষয়টোৰ তদন্তৰ সিদ্ধান্ত লয়।ইয়াৰ পিছত ২৩ এপ্ৰিলৰ পৰা পুনৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে ধৰ্ণাত বহিল। মল্লযুঁজাৰুসকলৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়তে উচ্চতম ন্যায়ালয়ে বিষয়টোত এফআইআৰ পঞ্জীয়ন আৰু মল্লযুঁজাৰুসকলক সুৰক্ষা প্ৰদানৰ নিৰ্দেশ দিয়ে। আদালতৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দুটা পৃথক গোচৰ ৰুজু কৰি তদন্তৰ বাবে বিশেষ দল গঠন কৰিছে৷

Leave A Reply