Breaking

ৰাজভৱনত মনোনীত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক উষ্ম আদৰণি, আজি অসমৰ ৰাজ্যপাল হিচাবে কৰিব শপতগ্ৰহণ

0 182

ৰাজভৱনত আজি উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসমৰ ৰাজ্যপাল হিচাবে মনোনীত কৰা গুলাব চান্দ কাটাৰিয়া। ৰাজভৱনত উপস্থিত হোৱাৰ পিছতে কাটাৰিয়া আৰু তেওঁৰ পত্নীক উষ্ম আদৰণি জনোৱা হয়। তেওঁৰ লগতে তেওঁৰ পত্নী অনিতা কাটাৰিয়াকো ৰাজভৱনৰ বিষয়া আৰু কৰ্মচাৰীসকলে উষ্ম আদৰণি জনায়।


উল্লেখ্য গুলাব চান্দ কাটাৰিয়াই কাইলৈ শ্ৰীমন্ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত অসমৰ ৰাজ্যপাল হিচাবে শপত গ্ৰহণ কৰিব। তেওঁ ৰাজ্যখনৰ ৩১ সংখ্যক ৰাজ্যপাল হ’ব। তেওঁ অধ্যাপক জগদীশ মুখীৰ স্থলাভিষিক্ত হ’ব। গুলাব চান্দ কাটাৰিয়া ৰাজস্থানৰ উদয়পুৰৰ বাসিন্দা। তেওঁ ৰাজস্থানৰ প্ৰাক্তন গৃহ মন্ত্ৰী আৰু ৰাজস্থান বিধান সভাৰ বিৰোধী দলৰ নেতা হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল।

Leave A Reply