Breaking

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব জিপি সিং; মা কামাখ্যাৰ আশীৰ্বাদ শিৰত লৈ অসমবাসীক সেৱা কৰাৰ অংগীকাৰ সিঙৰ

0 152

ৰাজ্যৰ পৰবৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহন কৰিব আই পি এছ বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে।

আজি আৰক্ষী বিভাগৰ নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষনা কৰে। ১৯৯১ বেটছৰ আই পি এছ বিষয়া জি পি সিঙ এগৰাকী দক্ষ আৰক্ষী বিষয়া হিচাপে জনপ্ৰিয়।

বৰ্তমান বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অসম আৰক্ষীত কৰ্মৰত সিঙে মুখ্যমন্ত্ৰীৰ ঘোষনাক আদৰণি জনায় মা কামাখ্যাৰ আশীৰ্বাদ শিৰত লৈ অসমবাসীক নিস্বাৰ্থ ভাবে সেৱা কৰি যোৱাৰ বিষয়ে ঘোষনা কৰ।

তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ ওপৰত ৰখা বিশ্বাসক কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত অসম আৰক্ষীক অধিক গতিশীল কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উল্লেখযোগ্য যে চলিত মাহৰ অন্তিম দিনটোত বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অৱসৰ গ্ৰহন কৰিব। আগন্তুক সময়ত অসমক অপৰাধ মুক্ত কৰাৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কেনে পদক্ষেপ গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব।

Leave A Reply