Breaking

আজি জি পি সিঙে আনুষ্ঠানিক ভাৱে আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বায়িত্ব ল’ব

0 73

আজি কাৰ্যকাল অন্ত পৰিব ভাস্কৰ জ্যোতি মহন্তৰ৷ আজিৰ পৰা দ্বায়িত্ব গ্ৰহণ কৰিব নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰদান জি পি সিঙে৷ বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত জি পি সিঙে আবেলি ৪.৩০ বজাত দ্বায়িত্ব গ্ৰহণ কৰিব৷

ইফালে বিদায়ী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ বিদায়ী পেৰেড অনুষ্ঠিত হ’ব স্বতন্ত্ৰ অসম আৰক্ষী বেটেলিয়েনত৷ এই বিদায়ী পেৰেড পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হৈছে৷ বিদায়ৰ আগ দিনা ভাস্কৰ জ্যোতি মহন্তই মৈত্ৰী আচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা অসম আৰক্ষীৰ এটা বিশ্ৰামালয় উদ্বোধন কৰে৷ ভাস্কৰ জ্যোতি মহন্তৰ ডিজিপি হিচাপে তেওঁ অংশ লোৱা এইটোৱেই অন্তিম অনুষ্ঠান৷

দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ লোকসকল এই বিশ্ৰামালয়ৰ জৰিয়তে যথেষ্ট উপকৃত হ’ব৷ কৰ্তব্য সম্পাদন, চিকিৎসা, প্ৰশিক্ষণ আদি কাৰণত আৰক্ষীৰ বহু লোক গুৱাহাটীলৈ আহে কিন্তু তেওঁলোক থাকিবলৈ ইয়াৰ পূৰ্বে বিশেষ ব্যৱস্থা নাছিল এই বিশ্ৰামালয় নিৰ্মাণে সেই অভাৱ দূৰ কৰিব৷

Leave A Reply