Breaking

ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি , বানজনিত যিকোনো পৰিস্থিতিৰ বাবে সাজু মাজুলী জিলা প্ৰশাসন ।

0 895

উজনি-মাজুলী : ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলাত সম্ভাৱ্য বানজনিত যিকোনো পৰিস্থিতিৰে তাৎক্ষণিকভাৱে মোকাবিলাৰ বাবে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালীক সম্পূৰ্ণ সস্তম কৰি তুলিছে জিলা প্ৰশাসনে। ইতিমধ্যে দুয়োখন নদীৰ বাঢ়নি পানীৰ বাবে জিলাখনৰ মঠাউৰিৰ বহিঃ অংশত আৰম্ভ হোৱা প্ৰাৰম্ভিক বানৰ লগতে জিলাখনৰ শেহতীয়া সামগ্ৰিক বান পৰিস্থিতি আজি পৰ্যালোচনা কৰি মাজুলীৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ অধ্যক্ষ  বিক্ৰম কৈৰীয়ে জিলাখনৰ আপাতকালীন সঞ্চালন প্ৰণালীৰে জড়িত প্ৰতিটো বিভাগৰ লগতে বিষয়া-কৰ্মচাৰীসকলক তেওঁলোকৰ ওপৰত ন্যস্ত জৰুৰী দায়িত্ব সুচাৰুৰূপে নিৰ্বাহনৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিছে। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আগবেলা আয়োজিত ডিডিএমএৰ এখন জৰুৰী বৈঠকত উপায়ুক্ত  কৈৰীয়ে বানপৰিস্থিতি চম্ভালাৰ বিশেষ দায়িত্বত নিয়োজিত মাণ্ডলিক (জ’নেল) আৰু খণ্ড (ছেক্টৰ) বিষয়াসকলক তাৎক্ষণিক ভাৱে নিজ নিজ এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। অতিৰিক্ত উপায়ুক্ত তথা ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া  নৰেণ দাসৰ লগতে মাজুলীৰ ৰাজহ চক্ৰ বিষয়াসহ একাধিক কাৰ্যবাহী দণ্ডাধীশ, জলসম্পদ, গড়কাপ্তানী (পথ), কৃষি, পশুপালন তথা পশু চিকিৎসা আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া আৰু জ’নেল তথা ছেক্টৰ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। এইবাৰৰ বানপৰিস্থিতি চম্ভালাৰ বাবে ইতিমধ্যে ডিডিএমএই জিলাখনক মুঠ পাঁচটা মণ্ডলত (জ’ন)ত ভাগ কৰি একোগৰাকীকৈ জ্যেষ্ঠ বিষয়াক প্ৰতিটো মণ্ডল তদাৰকৰ বাবে মাণ্ডলিক বিষয়া (জ’নেল আফিচাৰ) হিচাপে দায়িত্ব ন্যস্ত কৰিছে। তদুপৰি, জৰুৰী বান পৰিস্থিতি তদাৰক কৰাৰ ক্ষেত্ৰত মাণ্ডলিক বিষয়াসকলক সহায়ৰ বাবে প্ৰতিটো মণ্ডলতে এক বা একাধিক গাঁও পঞ্চায়ত এলেকাৰ বাবে এগৰাকীকৈ খণ্ড বিষয়া (ছেক্টৰ অফিচাৰ)কো জিলা প্ৰশাসনে দায়িত্ব অৰ্পণ কৰিছে। আনহাতে, বাৰিষাৰ সময়ছোৱাত কৃষিখণ্ড আৰু পশুধনৰ ক্ষেত্ৰত দেখা দিব পৰা জটিল পৰিস্থিতি জোৰা মাৰিব পৰাকৈ এই দিশত নিৰন্তৰ নজৰ ৰাখিবলৈ উপায়ুক্তগৰাকীয়ে জিলাখনৰ কৃষি বিভাগ আৰু পশুপালন তথা পশুচিকিৎসা বিভাগক নিৰ্দেশ দিছে। শেহতীয়াকৈ বৰষুণত ক্ষতিগ্ৰস্ত হোৱা গড়কাপ্তানী পথ আৰু মঠাউৰিৰ ‘ৰেইনকাট’ অংশসমূহ ততালিকে মেৰামতি কৰিবলৈও বৈঠকত গড়কাপ্তানী (পথ) আৰু জলসম্পদ বিভাগক উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।

Leave A Reply