Breaking

গুৱাহাটীত ইণ্ডিয়ান ৱেৰ হাউছৰ গ্ৰেণ্ড অপেনিং…

0 78

গুৱাহাটীত ইণ্ডিয়ান ৱেৰ হাউছৰ গ্ৰেণ্ড অপেনিং

গুৱাহাটী- নাগালেণ্ডৰ প্ৰখ্যাত বস্ত্ৰ প্ৰতিষ্ঠান ইণ্ডিয়ান ৱেৰ হাউছৰ এখন নতুন ব্যুটিকৰ গ্ৰেণ্ড অপেনিং গুৱাহাটীৰ অ’ৰাছ মলত আজি (২৫ মে, ২০২৪) এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই ব্যুটিকখন মুকলি কৰা হয়৷ এই অনুষ্ঠানত ফেশ্বন আৰু বিনোদন জগতৰ সৈতে জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ফিটা কাটি ব্যুটিকখন মুকলি কৰা এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ প্ৰখ্যাত কণ্ঠ শিল্পী আলব’ নাগা, আগশাৰীৰ ফেশ্বন

লেখক তথা “ মেখেলা মামা ” হিচাপে পৰিচিত থেই কেডিটছুৰ লগতে মিছ আছাম অনামিকা বৰা, ৰিয়া বৰা আৰু ভায়লিনা বড়োৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি৷ ব্যুটিকখনৰ উদ্বোধনী অনুষ্ঠানত ইণ্ডিয়ান ৱেৰ হাউছৰ প্ৰতিষ্ঠাপক লিভিলি কিবামিয়ে কয়— “ আমি গুৱাহাটীৰ সৌন্দৰ্য্যময় লোকসকলক আমাৰ কৰ্মৰ সৈতে পৰিচয়

কৰাই দিবলৈ পাই ৰোমাঞ্চিত হৈ পৰিছো৷ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সাংস্কৃতিক ভগ্নীত্বক বিস্তাৰ কৰাই আমাৰ মূল উদ্দেশ্য৷” ইণ্ডিয়ান ৱেৰহাউছে গুৱাহাটীবাসীয়ে আগবঢ়োৱা আদৰণিৰ বাবে কূতজ্ঞতা প্ৰকাশ কৰিছে৷ নাগালেণ্ডত সকলোৰে আদৰৰ নাম হৈ পৰা এই প্ৰতিষ্ঠানটোৱে গুৱাহাটীতো অনুৰূপ ধৰণে সেৱা আগবঢ়াব বিচাৰে৷

Leave A Reply