Breaking

চিলাপথাৰত আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ

0 1,531

প্ৰাক্তন বিধায়িকা তথা বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সভনেত্রী আঙুৰলতা ডেকাৰ নেতৃত্বত বাহিৰ কৰা এক ৰেলিত বৰ অসমৰ গঢ় দিওঁতা আহোম জনগোষ্ঠীটোক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চিলাপথাৰৰ আহোম জনগোষ্ঠীৰ লোকসকল।চিলাপথাৰত আঙুৰলতা ডেকাৰ পুত্তলিকা দাহ কৰি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় বিজেপি নেতৃত্বাধীন চৰকাৰখনত আহোম জনগোষ্ঠীৰ বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক থকা স্বত্বেও আহোম জনগোষ্ঠীটোক এইদৰে অপমান কৰাৰ পিছতো নীৰৱতা অৱলম্বন কৰাটো ৰহস্যজনক।

ক্ষুব্ধ তাই আহোম ছাত্ৰ সন্থাৰ কৰ্মীসকলে আঙুৰলতা ডেকাকে ধৰি এই কাণ্ডৰ জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। আনহাতে আহোম জনগোষ্ঠী বিৰোধী শ্লোগান দিয়াসকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত আটাছুৰ চিলাপথাৰ আৰু বেতনিপাম আঞ্চলিক সমিতিয়ে তেওঁলোকৰ বিৰুদ্ধে আজি চিলাপথাৰ থানাত এক গোচৰো দাখিল কৰে ।

Leave A Reply