Breaking

বাঁহৰ পৰা তৈয়াৰ হʼব ‘গ্ৰীণ হাইড্ৰোজেন’…

0 80

ত্ৰিপুৰাই বাঁহ ব্যৱহাৰ কৰি ‘গ্ৰীণ হাইড্ৰোজেন’ তৈয়াৰ কৰাৰ কথা ভাবিছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই কয় যে তেওঁলোকে পৰিৱেশ ৰক্ষাৰ বাবে এই পদক্ষেপ লʼব বিচাৰে। আগৰতলাত হোৱা জি-২০ৰ বৈঠকত মুখ্যমন্ত্ৰী মাণিক সাহাৰ চৰকাৰে ত্ৰিপুৰাৰ নিজা হস্তশিল্প বিশ্বৰ আগত উপস্থাপন কৰিব বিচাৰিছে।

আনহাতে ত্ৰিপুৰাৰ বাঁহ আৰু বেতৰ হস্তশিল্পসমূহ আগৰতলাৰ হাপিয়ানাৰ আন্তঃৰাষ্ট্ৰীয় মেলা খেলপথাৰত প্ৰদৰ্শিত হৈছে। তাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ বেলেগ ধৰণে বাঁহ ব্যৱহাৰ কৰাৰ কথা জনাইছে। মাণিক সাহাই কয় যে তেওঁলোকে বাঁহৰ পৰা ‘গ্ৰীণ হাইড্ৰোজেন’ তৈয়াৰ কৰিব বিচাৰে। ইয়াৰ বাবে ত্ৰিপুৰাই কেন্দ্ৰৰ পৰা আৰ্থিক সাহায্য বিচাৰিব। অৱশ্যে গ্ৰীণ হাইড্ৰোজেন শক্তি উৎপাদনৰ বাবে ইতিমধ্যে কেন্দ্ৰই ১০ হাজাৰ কোটি টকা আবণ্টন দিছে।

Leave A Reply