Breaking

পুৰণিগুদামৰ প্ৰগতিশীল কৃষক শৰৎ চন্দ্ৰ চমুৱাক সেউজ সৌৰভ বঁটা প্ৰদান

0 2,027

গ্ৰাম্য অৰ্থনীতিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে স্বৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰাৰ লগতে বহুতৰে জীৱন আৰু জীবিকাৰ প্ৰশ্ন জড়িত হৈ আছে । দেওবাৰে নগাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে নগাঁও জিলা সন্থাৰ এটি নৱ নিৰ্মিত ভৱন পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভড়াল প্ৰাংগণত উদ্বোধন কৰাৰ লগতে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নগাঁও জিলা সমিতিৰ এখন মুকলি সভা অনুষ্ঠিত হৈ যায়। সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপক বৈৰাগীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি ,সম্পাদক,বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী,জিলা কৃষি বিষয়াৰ উপৰিও নগাঁও জিলাৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ক উপস্থিত থাকে ৷অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহন কৰিছে যদিও অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উচিত মূল্য নোপোৱাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ সময়ত বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগা হয় ৷

সন্থাৰ বিষয়ববীয়া কুলপ্ৰদীপ দাসে আত ধৰা সভাতে পৰম্পৰাগত পদ্ধতিৰ লগত আধুনিক পদ্ধতি সংমিশ্ৰণ ঘটাই বিভিন্ন কৃষি কৰ্ম কৰি ইতিমধ্যে স্বাৱলম্বী হোৱা তথা ৰাজ্য চৰকাৰৰ পৰা বঁটাৰে সন্মানীত হোৱা পুৰণিগুদামৰ কৃষক শৰৎ চন্দ্ৰ চমুৱাক সন্থাৰ তৰফৰ পৰা সেউজ সৌৰভ বঁটা প্ৰদান কৰে। সন্থাৰ নৱ নিৰ্মিত ভৱনটো শুভ উদ্বোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নগাঁৱৰ এজন আগশাৰীৰৰ চাহ খেতিয়ক ৰাজেন গোহাঁইয়ে।

Leave A Reply