Breaking

অসম আৰক্ষী পৰীক্ষা ফলাফলত উত্তীৰ্ণ যুৱক-যুৱতীক শুভেচ্ছা বিধায়ক ৰঞ্জিত দত্তৰ

0 1,191

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন বিজেপি চৰকাৰ খনে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পুৰনৰ দিশে গতি কৰিছে।মে’ মাহৰ ভিতৰত ১ লাখ শিক্ষিত নিবনুৱা যুৱক – যুৱতীক সংস্থাপনৰ কথা ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।ইফালে সময়ত নিযুক্তি নিদিয়াত চৰকাৰৰ খনৰ বিৰুদ্ধে ৰাজ্যৰ বিৰোধী দল সমূহে বিজেপি নেতৃত্বধীন চৰকাৰ খনক কঠোৰ সমালোচনা কৰিছিল।
ইফালে বিৰোধী সমালোচনা মাজতে ৰাজ্যত ১৪ মেত গুৱাহাটীৰ খানাপাৰাত ২৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ।তাৰ লগতে অসম আৰক্ষীয়ে কালি AB আৰু UB কনিষ্ঠবলৰ পৰীক্ষা ফলাফল ঘোষণা কৰিলে অসম আৰক্ষীয়ে। ৰাজ্য আন আন ঠাই লগতে বিহালী সমষ্টিৰ পৰাও বহু যুৱক যুৱতীয়ে এই পৰীক্ষাত অৱৰ্তীণ হৈছিল তাৰে সমষ্টিটো ২২ জন যুৱক যুৱতীয়ে কনিষ্টবল পৰীক্ষাত উত্তীৰ্ণ হৈ অসম আৰক্ষীত নিযুক্তি পাবলৈ সক্ষম হয়‌।

আনহাতে বিহালী সমষ্টিৰ ২২ গৰাকীৰ অসম আৰক্ষী কনিষ্টবলত উত্তীৰ্ণ যুৱক- যুৱতীক শুক্ৰবাৰে বিধায়ক ৰঞ্জিত দত্তই আদৰণি জনাই।উল্লেখযোগ্য যে অসম আৰক্ষীৰ কনিষ্টবলৰ ফলাফলে যে শুক্ৰবাৰে পূৱা বিধায়ক ৰঞ্জিত দত্ত বাসগৃতত এক আনন্দ পৰিবেশৰ সৃষ্টি হ’ল।এনেদৰে নিজৰ যোগ্যতা ভিত্তিত অসম আৰক্ষী পৰীক্ষা ফলাফলত নিজৰ নাম ৰাখিবলৈ সক্ষম হোৱা বিহালীবাসী ৰাইজৰ লগতে উৎসাহিত হৈ পৰে প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক ৰঞ্জিত দত্ত ৷ উত্তীৰ্ণ হোৱাৰ সমষ্টিটো প্ৰতি গৰাকী যুৱক-যুৱতীক পুৱাই বাঘমৰা মণ্ডল বিজেপি আৰু বিহালী বিজেপি মণ্ডলৰ কৰ্মকতা সকলে যুৱক যুৱতী সকলক তেখেতৰ বাসগৃহলৈ নিমন্ত্ৰণ জনাই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচাৰে আদৰণি জনাই উপহাৰ প্ৰদান কৰে বিধায়ক ৰঞ্জিত দত্তই ৷উল্লেখযোগ্য ১৪ মেত এই সকল যুৱক যুৱতীক গুৱাহাটীৰ খানাপাৰাত নিযুক্তি পত্ৰ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।এই নিযুক্তি পত্ৰ প্ৰদান কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ২৫ হাজাৰ যুৱক যুৱতীয়ে।

Leave A Reply