Breaking

নির্বাচনলৈ ডেৰ বছৰ থকাৰ সময়তে গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰূপানীৰ পদত্যাগ

0 2,051

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰূপানীৰ অপ্রত্যাশিত পদত্যাগ৷ আজি পুৱা প্রধানমন্ত্রী মোদীৰ সৈতে চর্দাৰধাম ভৱনকে ধৰি বিভিন্ন উন্নয়নমূলক কামৰ মুকলি অনুষ্ঠানত অংশগ্রহণ কৰাৰ কেইঘণ্টামান পাছতেই মুখ্যমন্ত্রী ৰূপানীয়ে পদত্যাগ কৰে৷ বিধানসভা নির্বাচনৰ বাবে মাজত প্রায় ডেৰ বছৰ থকাৰ সময়তে শনিবাৰে  মুখ্যমন্ত্রী ৰূপানীৰ পদত্যাগে দেশৰ ৰাজনীতিত ব্যাপক চর্চা চলিছে৷

গুজৰাটৰ মুখ্যমন্ত্রীগৰাকীৰ আজি আচম্বিত পদত্যাগৰ পূর্বে ইতিমধ্যে বিজেপিশাসিত দুখন ৰাজ্যৰ তিনিজন মুখ্যমন্ত্রীয়ে পদত্যাগ কৰিছে৷ কার্যতঃ ছমাহৰ ভিতৰতে বিজেপিশাসিত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে পদত্যাগ কৰাক লৈ বিৰোধীৰ মাজতো চর্চা চলিছে৷ গুজৰাটৰ বিধানসভা নির্বাচন বিজেপিৰ বাবে সন্মানৰ প্রশ্ন হৈ উঠাৰ পৰিপ্রেক্ষিততেই কার্যকাল ডেৰ বছৰ বাকী থকাৰ সময়তে মুখ্যমন্ত্রী ৰূপানীয়ে পদত্যাগ কৰাৰ পাছত বিজেপিৰ শীর্ষ নেতৃত্বই পৰৱর্তী মুখ্যমন্ত্রীৰ বাবে বৈঠকত মিলিত হৈছে৷

উল্লেখ্য যে গুজৰাটৰ মুখ্যমন্ত্রীয়ে পদত্যাগ কৰাৰ পূর্বে জুলাই মাহত কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডুৰাপ্পাই পদত্যাগ কৰিছিল৷ ইয়াৰ পূর্বে উত্তৰাখণ্ডৰ ত্রিবেন্দ্র সিং ৰাৱাট আৰু ত্রিবেন্দ্র সিং ৰাৱাটৰ পদক্ষেপৰ পাছত মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰা তিৰথ সিং ৰাৱাটেও পদত্যাগ কৰে৷ কর্ণাটক আৰু উত্তৰাখণ্ডৰ পাছত গুজৰাটতো একেই পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ গুজৰাটত মুখ্যমন্ত্রীক লৈ কোনোধৰণৰ দলীয় সংঘাতৰ বাতৰি এতিয়ালৈকে চর্চাৰ মাজলৈ অহা নাছিল যদিও আজি মুখ্যমন্ত্রী ৰূপানীৰ পদত্যাগে আন এক ইংগিত দিছে৷

ৰাজ্যপালৰ হাতত পদত্যাগ–পত্র দাখিলৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত পদত্যাগী মুখ্যমন্ত্রী ৰূপানীয়ে কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধীনত গুজৰাটৰ ৫ বছৰীয়া বিকাশৰ যাত্রা সমাপ্ত কৰিব নোৱাৰিলোঁ৷ এতিয়া ৰাজ্যৰ পৰৱর্তী বিকাশৰ যাত্রা নতুন শক্তি আৰু ক্ষমতাৰে চলিব৷ মুখ্যমন্ত্রী হিচাপে সেয়েহে তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৬৫ বছৰীয়া ৰূপানীয়ে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত সৃষ্টি হোৱা পৰিস্থিতি সঠিক ৰূপত আগবঢ়াই নিবলৈ আহমেদাবাদৰ বিজেপিৰ জ্যেষ্ঠ নেতা বি এল সন্তোষ আৰু ভূপেন্দৰ যাদৱ মিলিত হৈছে৷ এই দুই শীর্ষ নেতাৰ বৈঠকত ৰাজ্যখনত পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব সেয়া সিদ্ধান্ত হ’ব যদিও ইয়াৰ পূর্বে বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ মত গ্রহণ কৰা হ’ব৷

তথ্য মতে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হিচাপে জুলাই মাহত দায়িত্ব গ্রহণ কৰা মনসুখ মান্দাভিয়া পৰৱর্তী গুজৰাটৰ মুখ্যমন্ত্রী হ’ব পাৰে৷ ইয়াৰ উপৰি দাদৰা নগৰ হাভেলী আৰু লাক্ষাদ্বীপৰ প্রশাসক, প্রাক্তন আমোলা প্রফুল খোডা পেটেলৰ নাম চর্চিত হৈছে৷ উল্লেখ্য যে পদত্যাগী মুখ্যমন্ত্রী ৰূপানীয়ে ২০১৭ চনৰ ডিচেম্বৰত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিছিল৷ এই অনুষ্ঠানত প্রধানমন্ত্রী মোদী, গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্রী উপস্থিত আছিল৷

Leave A Reply