Breaking

IPLৰ প্ৰথম খন মেচত জয়লাভ গুজৰাট টাইটানছৰ। গুজৰাটৰ হাতত পৰাজয় চেন্নাই…

0 105

IPL 2023 ৰ প্ৰথমখন মেচত গুজৰাটে চেন্নাইক ৫ উইকেটত পৰাস্ত কৰে, আই পি এল ২০২৩ৰ প্ৰথমখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত কৰে। এই মেচখনত শুবমান গিল আৰু ৰছিদে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ ছিজন আৰম্ভ হয় গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত। নতুন ছিজন আৰম্ভ কৰি গুজৰাট টাইটানছৰ দলটোৱেও চেন্নাইৰ বিৰুদ্ধে ৫ উইকেটত উজ্জ্বল ৰূপত খেলখনত জয়লাভ কৰাৰ লগতে পইণ্ট টেবুলতো নিজৰ একাউণ্ট খুলিবলৈ সক্ষম হয়। গুজৰাটৰ হৈ ১৭৯ ৰানৰ লক্ষ্য খেদি শুবমান গিলে ৬৩ ৰান, বিজয় শংকৰে ২৭ ৰান আৰু ৰছিদ খানে ১০ ৰান সংগ্ৰহ কৰে।

এই মেচখনত যদি গুজৰাট টাইটানছৰ ৰছিদ খানৰ শক্তি স্পষ্টকৈ দেখা গ’ল, যিয়ে নিজৰ ৪ অভাৰত মাত্ৰ ২৬ ৰানহে দিছিল আৰু ২ উইকেট দখল কৰিছিল। ইয়াৰ উপৰিও মহম্মদ ছামি আৰু আলজাৰী জোচেফেও নিজৰ নামত ২-২ উইকেট দখল কৰে।

Leave A Reply