Breaking

‘গুণোৎসৱে শিক্ষা ব্যবস্থাৰ বিশেষ মৌলিক পৰিৱৰ্তন ঘটাব নোৱাৰে’-অখিল গগৈ

0 1,082

ৰাজ্যৰ বিদ্যালয় সমূহত গোণোৎসৱ চলি থকা সময়তে গুণোৎসৱ সন্দৰ্ভত বিস্ফোৰক মন্তব্য অখিল গগৈৰ।গুণোৎসৱে আচলতে অসমৰ শিক্ষাব্যবস্থাৰ বিশেষ মৌলিক পৰিবৰ্ত্তন ঘটাব নোৱাৰে।মোৰ নিজৰ সমষ্টিতে দেখিছি বেছিভাগ বিদ্যালয়তে পানী পৰে,যিখন বিদ্যালয়ৰ বিল্ডিং ভঙা,সেইবোৰ বিদ্যালয়ত গুণোৎসৱ পতিলে কিবা লাভ হ’ব জানো?বহু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ তুলনাত শিক্ষকৰ অভাব।বিজেপি চৰকাৰৰ দিনত চৰকাৰী বিদ্যালয় সমূহৰ শিক্ষা ব্যবস্থাটো উন্নত কৰাৰ বিপৰিতে এফালৰ পৰা চৰকাৰী বিদ্যালয়ৰ মাৰি লৈ গৈ আছে।হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অথবা হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা সময়তে অসমৰ আটাইতকৈ বেছি চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে।গুণোৎসৱৰ সলনি বিদ্যালয় সমূহত কি কৰাৰ প্ৰয়োজন,বিধায়ক গৰাকীয়ে প্ৰদান কৰিলে কেতবোৰ পৰামৰ্শ।



আজি বিশ্বনাথৰ বিহালী সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বিহালী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ সৈতে ক্ষন্তেক সময় মতবিনিয় কৰা সময়ত সাংবাদিকৰ আগত ৰাইজৰ দল তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই দৰে বিস্ফোৰক মন্তব্য প্ৰদান কৰে গুণোৎসৱৰ সন্দৰ্ভত।

Leave A Reply