Breaking

গুৱাহাটী বিমাকোঠত ভোগালী বিহুৰ প্ৰস্তুতি

0 1,041

আগন্তক ভোগালী বিহু উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ আগমন আৰু প্ৰস্থান কক্ষত আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে দুটা মেজিঘৰ। চাৰিওফালে ভোগালী পৰিবেশত, বাঁহ আৰু নৰাৰে নিৰ্মান কৰা মেজিঘৰ দুটা দেখিবলৈ সাইলাখ অসমৰ পথাৰত সজা মেজিঘৰৰ দৰে। মেজিৰ কাষত খৰাহি আৰু ডলাৰে নিৰ্মিত এখন ডাঙৰ বাঁহৰ শৰাইত এটা বাণ বাটিত আখৈ, গুড় আদিৰ লগতে পৰম্পৰাগত ভাৱে প্ৰস্তুত কৰা তিল পিঠা, তিলৰ লাৰু, আখৈ লাৰু, নাৰিকলৰ লাৰু ইত্যাদিৰো প্ৰতিৰূপ যাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰদৰ্শন কৰা হৈছে।

তাৰোপৰি ভোগালীৰ বিশেষ আকৰ্ষণ, পৰম্পৰাগত চুঙাপিঠাৰ দৃশ্যও দেখুওৱা হৈছে। আকৰ্ষণীয় বিষয়টো হৈছে, মেজিঘৰত কৃত্ৰিমভাৱে জ্বলি থকা একুৰা জুইয়ে  যাত্ৰীসকলৰ লগতে বিমানকোঠটোৰ সকলো কৰ্মচাৰীৰে দৃষ্টি আকৰ্ষণ কৰিছে। সুনিপুণ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা এই কৃত্ৰিম জুইকোৰা ২৪ ঘন্টাই জ্বলি আছে। যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে বিমানকোঠত এতিয়া ক’ভিড বিধি প্ৰয়োগ হৈ আছে। তথাপিও বিভিন্ন বয়সৰ যাত্ৰীসকলে মেজিদুটাৰ লগত ফটো তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে।

Leave A Reply