Breaking

অভিশপ্ত ৩০ অক্টোবৰ, ৰক্তাক্ত দিনৰ ১২ টা বছৰ সম্পূৰ্ণ

0 341

দৈনন্দিন বাৰ্তা সেৱাঃ আজি অভিশপ্ত ৩০ অক্টোবৰ৷ আজিৰ পৰা ১২ বছৰৰ পূৰ্বে ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোতে মহানগৰীত হোৱা ধাৰাবাহিক বিস্ফোৰণ ঘটিছিল। গুৱাহাটী মহানগৰীৰ কাছাৰী, পাণবজাৰ, গণেশগুৰিত সংঘটিত বিস্ফোৰণত ক’লা ধোঁৱাৰ আৱৰণৰ মাজত ৰাজপথত পৰি ৰৈছিল তেজৰ চেকুৰা, মৃতদেহ।

উগ্ৰপন্থী সংগঠন এনডিএফবিয়ে সংঘটিত কৰা ৩০ অক্টোবৰ বিস্ফোৰণত ৮১ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪৭০ জন লোক আহত হৈছিল৷ আজিও সেই দিনৰ ভয়ানক স্মৃতি মনত পেলাই দুৰ্বিহ দিন কটাইছে বিস্ফোৰণত আহত আৰু নিহতৰ পৰিয়ালে৷ মহানগৰীৰ গণেশগুৰিৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত নিহতলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন৷

Leave A Reply