Breaking

এছঅ’এছ ভিলেজত গুৱাহাটী চিটী এফচিৰ ফুটবল শিবিৰৰ সামৰণি

0 98

নিজৰ সামাজিক সম্পৰ্ক কাৰ্যসূচী অব্যাহত ৰাখি গুৱাহাটী চিটী এফচিয়ে আজাৰাৰ এছঅ’এছ শিশু গ্ৰামত আয়োজন কৰা ফুটবল প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে সামৰণি পৰে৷

৭ জুলাইৰ পৰা আৰম্ভ হোৱা এই তিনিদিনীয়া প্ৰশিক্ষণত অংশ লয় ২৪জন ল’ৰা আৰু ১২গৰাকী ছোৱালীয়ে৷

গুৱাহাটী চিটী এফচিৰ প্ৰশিক্ষক ৰোহিত শইকীয়া, ৰূপম চেতিয়া, চাহিল আহমেদ আৰু মল্লিকা মণ্ডলে প্ৰশিক্ষণ আগবঢ়োৱা এই শিবিৰ ৭ জুলাইত ক্লাবৰ সঞ্চালকদ্বয় ডেৰিক ৰঞ্জন ডেকা আৰু কৌস্তুৱ চক্ৰৱৰ্তীৰ উপস্থিতিত আৰম্ভ হৈছিল৷

সামৰণি অনুষ্ঠানত এছঅ’এছ শিশু গ্ৰামৰ সঞ্চালক দেৱমাল্য বি চৌধুৰী, জ্যেষ্ঠ বিষয়া পাৰশ থাপা আৰু ক্লাবৰ ক্লাবৰ সঞ্চালকদ্বয় ডেৰিক ৰঞ্জন ডেকা আৰু কৌস্তুৱ চক্ৰৱৰ্তী উপস্থিত থাকে৷

এছঅ’এছ শিশু গ্ৰাম আৰু গুৱাহাটী চিটী এফচিয়ে শিশু গ্ৰামৰ শিশুসকলৰ মাজত ক্ৰীড়া শিক্ষাৰ প্ৰসাৰণৰ বাবে এনে শিবিৰ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে৷

Leave A Reply