Breaking

৮ নবেম্বৰত গুৱাহাটী কবি চক্ৰৰ বটা প্ৰদান অনুষ্ঠান

0 123

দৈনন্দিন বাৰ্তা সেৱাঃ অসম কবি সন্মিলনৰ অন্তৰ্গত “গুৱাহাটী কবি চক্ৰ”ই যোৱা ডিচেম্বৰ মাহত এখনি স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। উক্ত প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ সমূহ অহা ৮ নৱেম্বৰত পল্টনবজাৰস্থিত “শ্ৰীমন্ত শংকৰ বিকাশ কৃষ্টি কেন্দ্ৰ”ত আয়োজিত গাম্ভীৰ্যপ্ৰদান অনুষ্ঠান ত প্ৰদান কৰা হব।

দিনযোৰা কাৰ্যসূচীৰে আয়োজিত অনুস্থানত “গুৱাহাটী কবি চক্ৰ”ৰ পৰা “জীৱনজোৰা সাধনা বটা”ৰ লগতে মাহটোৰ শ্ৰেষ্ঠ কবিতা শিতানৰ কবি সকলকো তেখেতসকলৰ বঁটা সমূহ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। স্বভাৱ কবি গোপীকান্ত তালুকদাৰ সোঁৱৰণী “জীৱন যোৰা সাধনা বঁটা” যোৰহাট নিবাসী প্ৰণৱৰঞ্জন শইকীয়ালৈ কবিচক্ৰৰ মুখ্য উপদেষ্টা অনুপ কুমাৰ তালুকদাৰে।

“মাহটোৰ শ্ৰেষ্ঠ কবিতা”ৰ শিতানৰ কবি সকল ক্ৰমে ড০লোহিত শৰ্মা, ড০গিৰিণ চন্দ্ৰ বৰা, বিপুল নাথ, প্ৰণৱ ৰঞ্জন শইকীয়া, ৰঞ্জিত পাটগিৰি। কবিতা প্ৰতিযোগিতাত “স্বৰ্গীয় গীৰেন্দ্ৰ চন্দ্ৰ শৰ্মা সোৱৰণি বটা” প্ৰতিযোগী সকললৈ আগবঢ়াইছে কবি চক্ৰৰ কাৰ্যকৰী সভাপতি গোপাল শৰ্মাই।

Leave A Reply