Breaking

গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাত পক্ষী দিৱস উদযাপন…

0 98

সমগ্ৰ দেশতে বিশ্ব পক্ষী দিৱস পালন কৰাৰ লগতে বিগত বর্ষৰ দৰে এইবাৰো আজি গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাৰ হাৰ বেৰীয়াম পেক্ষা গৃহত বৰ্ণাঢ্য দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পতাকা উত্তোলন, বন্তি প্ৰজলন, স্মৃতি তৰ্পন আদি অনুষ্ঠানৰ লগতে এই দিৱসটিৰ লগত সংগতি ৰাখি চিৰিয়াখানাৰ পক্ষীকূলক খাদ্য বিতৰণ কৰে। “পক্ষী সৱে হাবি গঢ়ে , হাবি খনে ধৰা তৰে ” শীৰ্ষত শ্ল’গানেৰ এক বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰে।

শোভাযাত্ৰা উদ্ধোধনী ভাষণত অৱসৰপ্ৰাপ্ত যুটীয়া আয়ুক্ত সোমেশ্বৰ নাথে সমস্ত জীৱকুলৰ ৰক্ষাৰ বাবে গছপুলি ৰোপণ আৰু সংৰক্ষণ কৰিবলৈ আহ্বান জনায়। সেউজী ধৰণী গঢ়ি পক্ষীকূলক ৰক্ষা কৰি বিলুপ্ত যাতে নহয় তাৰ প্ৰতি সকলোৱে সজাগৰ বাবে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানতপৰিবেশ কৰ্মী গিৰিমল্লিকা শইকীয়া, সাহিত্য একাডেমি বঁটা বিজয়ী বিপুল দেউৰীৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply