Breaking

প্ৰিণ্ট, ডিজিটেলৰ নামত সন্থা খুলি সন্ত্ৰাস চলোৱা স্বয়ম্ভূ সাংবাদিক হাচিব উদ্দিন তালুকদাৰক জে’ললৈ প্ৰেৰণ

0 280

ডবকা

ধন দাবীৰ অভিযোগত মোৰাজাৰ আৰক্ষীয়ে আটক কৰে হোজাই জিলাৰ কপাহবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাভিজুৰী গাঁৱৰ স্বয়ম্ভু সাংবাদিক হাচিব উদ্দিন তালুকদাৰক৷ প্ৰাপ্ত তথ্য মতে কেইবামাহৰ পৰা নিজকে সাংবাদিক সন্থাৰ সভাপতিৰ পৰিচয় দি হোজাই জিলাত সন্ত্ৰাস চলোৱা স্বয়ম্ভূ সাংবাদিক অৱশেষত মোৰাঝাৰ আৰক্ষীৰ জালত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সামাজিক মাধ্যম ফেচবুক, হুৱাটৱাপত আৰক্ষীক বিভিন্নজনে ধন্যবাদেৰে উপচায় পেলাইছে৷ হোজাই জিলাৰ থানাই থানাই বিভিন্ন অপৰাধমূলক গোচৰ ৰুজু হৈ আছে এইগৰাকী স্বয়ম্ভূ সাংবাদিকৰ বিৰুদ্ধে। ফেচবুক পেজ খুলি কেতিয়াবা শিক্ষক সমাজ, আন কেতিয়াবা সাংবাদিক, আকৌ কেতিয়াবা আৰক্ষীৰ নামত অপপ্ৰচাৰত লিপ্ত হৈছিল হাচিব উদ্দিন তালুকদাৰ নামৰ স্বয়ম্ভূ সাংবাদিকজন। যি ইচ্চা তাকে কৰি গৈছিল সাংবাদিকজনে৷ উল্লেখ্য, কিছুদিন পূৰ্বে মোৰাঝাৰ আৰক্ষীৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলাই ডবকাৰ ফাৰুক আহমেদ নামৰ এগৰাকী স্বয়ম্ভূ সাংবাদিক জে’ল হাজতোলৈ যোৱাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ হাচিব উদ্দিন তালুকদাৰ নামৰ স্বয়ম্ভূ সাংবাদিকগৰাকী গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ হোজাই জিলাত। সাংবাদিকতাৰ নূন্যতম জ্ঞান নথকা মুখাপিন্ধা সাংবাদিকজনে ভয় ভাবুকিৰে বিভিন্ন ছিণ্ডিকেটৰ পৰা মাহিলী ৫ ৰ পৰা ২০ হাজাৰ টকা পৰ্যন্ত গুণ্ডা টেক্স সংগ্ৰহ কৰাৰো অভিযোগ আছে।কিছুদিন পূৰ্বে দক্ষিণ নোৱাবিল গাঁৱৰ এটা অবৈধ কাঠ মিলৰ পৰা মুকলিকৈ উৎকোচ লৈ থকা দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এইগৰাকী স্বয়ম্ভু সাংবাদিকৰ। মোৰাঝাৰ বান্দৰ মেলা গাঁৱৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰাও নগত ৬০ হাজাৰ টকা দাবী কৰাৰ অভিযোগত মোৰাঝাৰ থানাত ৫৫৬/১৯ নম্বৰত এটা গোচৰ পঞ্জীয়ন হৈছিল এইগৰাকী ঘোচখোৰ ডিজিটেল সাংবাদিক সন্থাৰ সভাপতিৰ বিৰুদ্ধে৷ কেৱল এয়াই নহয় কপাহবাৰী উত্তৰ ডিমৰুপাৰ নতুন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহজ সৰল প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধেও ভুৱা প্ৰচাৰ আৰু ব্লেকমেইলিঙৰ অভিযোগত ডবকা চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো অভিযোগ দাখিল হৈছিল এইগৰাকী  সাংবাদিকৰ বিৰুদ্ধে৷ নিশা হ’লেই হাচিব উদ্দিনৰ নেতৃত্বত নিশাচৰ প্ৰাণীৰ দৰে নিজৰ চাৰিচকীয়া বাহনেৰে গৰু, কয়লা আদি বিভিন্ন ছিণ্ডিকেটৰ লগত জড়িত হৈ পৰাৰ অভিযোগ আছে চক্ৰটোৰ বিৰুদ্ধে৷ কয়লা, গৰু আৰু অবৈধ কাঠ মিলৰ পৰা আৰক্ষী আৰু বন বিভাগৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি আজি আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ এই গৰাকী হাচিব উদ্দিনে জিলাখনৰ একাংশ সহজ সৰল ছাত্ৰ আৰু যুৱক-যুৱতীক বিভিন্ন প্ৰলোভন দি নামনি অসমৰ এটা ৱেব পেইজৰ ই পেপাৰ আৰু ফেচবুক পেজৰ সাংবাদিক নিযুক্তি দি ভুৱাকৈ প্ৰেছ কাৰ্ড প্ৰদান কৰি টকা লোৱাৰো অভিযোগ উঠিছে ৷ ভুৱা সংবাদ প্ৰতিষ্ঠান দুটাৰ সম্পাদকে হোজাই জিলাৰ এইসকল যুৱক-যুৱতীক এক প্ৰকাৰ খিৰতি গাই হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে৷ এইসকল যুৱক-যুৱতীৰ পৰা প্ৰেছ কাৰ্ড প্ৰদানৰ নামত সম্পাদকদ্বয়ে একাউণ্ট যোগে হাজাৰ হাজাৰ টকা লোৱাৰো তথ্য পোৱা গৈছে৷ কেৱল হোজাই জিলাতেই নহয় সংবাদ প্ৰতিষ্ঠানৰ নামত অসমৰ বিভিন্ন প্ৰান্তৰ সহজ সৰল যুৱক-যুৱতীক প্ৰৱঞ্চনাৰে লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে৷ আৰক্ষীৰ সঠিক তদন্তৰ পিছত আৰু ভয়ংকৰ তথ্য ফাদিল হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে৷ যোৱা ২৫ মে’ তাৰিখে মোৰাজাৰ আৰক্ষীৰ বিৰুদ্ধেও এইগৰাকী স্বয়ম্ভূ সাংবাদিক হাচিব উদ্দিন তালুকদাৰে হোজাই আৰক্ষীৰ বিৰুদ্ধে ভুৱাকৈ সংবাদ মেলৰ নাটক কৰি  ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা ঘটনা সহজভাৱে মানি ল’ব পৰা নাই হোজাই জিলাৰ দল-সংগঠনৰ লগতে সচেতন মহলে। লকডাউনৰ মাজতে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ সেৱা আগবঢ়োৱা আৰক্ষীৰ বিৰুদ্ধে চলোৱা এনে অপপ্ৰচাৰত চিন্তিত হৈ পৰিছে হোজাইৰ সচেতন মহলে৷ স্বায়ম্ভূ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত সংবাদ মহলকে ধৰি একাংশ দল-সংগঠনে হোজাই আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে৷

Leave A Reply