Breaking

হেক হ’ল ক্ৰুণাল পাণ্ডিয়াৰ টুইটাৰ একাউণ্ট

0 2,036

 ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ ক্ৰুণাল পাণ্ডিয়াৰ টুইটাৰ একাউণ্ট হেক৷ বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই কাণ্ডৰ পাছতে হেকাৰে বিটকইনৰ বিনিময়ত ক্ৰুণালৰ টুইটাৰ একাউণ্ট বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ উপৰি একাউণ্টটোৰ পৰা কিছুমান নেটিজেনক লক্ষ্য কৰি অশ্লীল মন্তব্য কৰা হৈছিল।

বাতৰি অনুসৰি, হেকাৰজনে আজি পুৱা ৭:৩১ বজাত ক্ৰিকেটাৰজনৰ একাউণ্টৰ পৰা প্ৰথমে এটা টুইট ৰিটুইট কৰে। দুইমিনিট পাছত এজন নেটিজেনে তেওঁক ধন্যবাদ জনাইছিল। হেকাৰজনে এতিয়ালৈকে একাউণ্টটোৰ পৰা প্ৰায় ১০ টা টুইট পোষ্ট কৰিছে।

যোৱা কেইবছৰমানত, বহু ক্ৰিকেটাৰৰ একাউণ্ট হেক হৈছিল। ২০১৯চনত, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ শ্বেন ৱাটছনৰ টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্ট হেক কৰা হৈছিল। ২০২১ চনৰ অক্টোবৰত ভাৰতৰ প্ৰাক্তন উইকেটকিপাৰ বেটছমেন পাৰ্থিৱ পেটেলৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক হৈছিল।

Leave A Reply