Breaking

ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা…

0 24

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ ফলাফল লাভ কৰা অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনালে ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ কতৃপক্ষই। চিলাপথাৰ অঞ্চলটোৰ সীমান্তৱৰ্তী ডিমৌৰ বিদ্যায়তনিক দিশৰ বিশেষ ভূমিকা আগবঢ়াই অহা স্কুলখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰ কান্ত ডিহিঙীয়াই অনুষ্ঠানৰ আঁতধৰি__ছাত্ৰ ছাত্ৰী

সকলৰ আশানুৰূপ ফলাফলে ৰাইজক প্ৰত্যাশিত সন্তুষ্টি দিয়া বুলি মন্তব্য কৰি সকলোৰে উজ্বল ভবিষ্যতে কামনা কৰে। বিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক ৰাজা পাংগিং আৰু শিক্ষক মহাবীৰ প্ৰসাদ মালাহে পৰিচালনা কৰা সম্বৰ্ধনা সভাৰখনৰ সঞ্চালন কৰে বিদ্যালয় পৰিচলনা সমিতিৰ উপ সভাপতি বিনোদ দলেই।

বিদায়ী ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ মানপত্ৰ আৰু ফুলাম গামোচাৰ সম্বৰ্ধনা জনাই উৎসাহিত কৰে বিদ্যালয় পৰিয়ালটোৱে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰা মনোমোহা গীত নৃত্যই কাৰ্যসুচি অনন্য কৰি তোলে। অনুষ্ঠানত উপস্থিত অভ্যাগত আৰু শিক্ষক কৰ্মচাৰী সকলে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি বিভিন্ন গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে। 

Leave A Reply