Breaking

ভাৰতৰ নাইটিংগেললৈ জন্মদিনৰ শুভেচ্ছা

0 2,083

1956 চনৰ 30 নৱেম্বৰ অসমক ধন্য কৰা এটা উল্লেখযোগ্য দিন ৷
সিদিনাই মুক্তি পাইছিল ভূপেনদাৰ সংগীত পৰিচালনাত ‘এৰা বাটৰ সুৰ’ চলচ্চিত্ৰখনে ৷ দুটা গীতত প্ৰাণঢালি কণ্ঠ নিগৰাইছিল সংগীতৰ সৰস্বতীগৰাকীয়ে ৷’জোনাকৰে ৰাতি অসমীৰে মাটি’ আৰু ‘ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক’ (সহযোগী কণ্ঠশিল্পী হেমন্ত মুখাৰ্জী আৰু ভূপেনদা) শীৰ্ষক গীত দুটিৰে মহীয়ান কৰিছিল অসমীয়া সংগীতৰ বৰপেৰাটোক ৷পাছত 1970 চনৰ 6 ডিচেম্বৰত সলিল চৌধুৰীৰ সংগীত পৰিচালনাত মুক্তি লভা ‘অপৰাজেয়’ চলচ্চিত্ৰখনত তেওঁৰ কোকিল কণ্ঠ নিগৰাইছিল ‘আকাশ অ’ আকাশ’ গীতটিত ৷1988 চনত মুক্তিপ্ৰাপ্ত ‘চিৰাজ’ চলচ্চিত্ৰখনৰ সেই বিখ্যাত গীতটো ••• ‘কঁপি উঠে কিয় তাজমহল’ ভূপেনদাৰ লগত দ্বৈতভাৱে গাই সঁচাকৈয়ে কঁপাই তুলিছিল অসমীয়াৰ মন-মগজু৷
আ: ইমান সুন্দৰ!ভূপেনদাই 1971 চনত লিখা ‘গোদাবৰী নৈৰে পাৰৰে পৰা অসমী আইলৈ যাচোঁ প্ৰণাম’ শীৰ্ষক গীতটিত কণ্ঠ নিগৰাইছিল সংগীতকেই ধৰ্ম বুলি ভবা মহান শিল্পীগৰাকীয়ে ৷1995 চনত মুক্তি লভা ‘পানী’ চলচ্চিত্ৰখনৰ ‘মই অথাই জলধি’ গীতটো আছিল এটা জীৱন্ত গীত ৷এয়াই মহান কণ্ঠশিল্পীগৰাকীৰ অসমীয়া সংগীতক মহীয়ান কৰা অসমীয়াৰ প্ৰাণৰ গীতকেইটি ৷

তদুপৰি ভূপেনদাৰ অমৰ সৃষ্টি ‘তোমাৰ উশাহ কঁহুৱা কোমল’ গীতটিক হিন্দী চলচ্চিত্ৰ ‘আৰোপ’ত সজাই তোলা হৈছিল ‘ নেনো মে দৰ্পণ হে’ শীৰ্ষক গীতেৰে ৷ নক’লেও হ’ব কিশোৰ কুমাৰৰ সৈতে দ্বৈত কণ্ঠৰ গীতটি আজিও প্ৰতিজন সংগীতপ্ৰেমী ভাৰতীয়ৰ সমানেই আদৃত ৷ঠিক তেনেদৰে ভূপেনদাৰ সংগীত পৰিচালনাত মুক্তি লভা ‘একপল’, ‘ৰুদালি’ৰ ক্ৰমে ‘জানে ক্যা হে’, ‘চুপকে চুপকে হম পলকো মে’ আৰু ‘দিল হুম হুম কৰে’, ‘ঝুটি মুটি মিতৱা’ কোনেনো নুশুনাকৈ আছে!!অসমৰ লগত, অসমীয়াৰ লগত সংগীতৰ সৰস্বতীগৰাকী জড়িত আছিল এনেদৰেই ৷তেওঁ একক, অনন্য ৷
জাভেদ আখতাৰে তেওঁৰ বিষয়ে কৈছিল -পৃথিৱীখনে এটা সূৰ্য, এটা চন্দ্ৰ আৰু এজনী লতা পাইছে ৷আজি ওপজা দিনত ভাৰতৰ গৌৰৱ লতাজীলৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা যাচোঁ প্ৰণাম ৷

Leave A Reply