Breaking

ধূলাত পোষণ বাগিচাৰ শুভ উদ্বোধন

0 2,074

পূব মঙলদৈ সংহত উন্নয়ন প্ৰকল্পৰ ধূলা চেক্টৰৰ ১৩ নং অংগনবাদী কেন্দ্ৰত পোষণ মাহ উপলক্ষে পোষণ ভাটিকা (বাগিছা)ৰ শুভ উদ্বোধন কৰে পূব মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়ে। আনহাতে দৰং পোষণ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত উক্ত কেন্দ্ৰ খনতেই এখনি সজাগতা সভাৰ আয়োজন কৰে ৷ উক্ত সভাত আমন্ত্ৰীত ব্যক্তি হিচাপে উপস্থিত হোৱা ব্যক্তি সকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় পানীয়াখাট “গ” অংগনাৱাদি কেন্দ্ৰৰ কৰ্মী ৰুকিয়া বেগম আৰু পানীয়াখাট “গ” কেন্দ্ৰৰ কৰ্মী মুছলিমা আখতাৰাই।সভাত বিভিন্ন ধৰণৰ আলোচনা কৰাৰ লগতে গছপুলি ৰূপনৰ কাৰ্যসূচী গ্ৰহণ কৰে। এই আচনি খনৰ জৰিয়তে মহিলা আৰু শিশু সকল যাতে স্থানীয় ভাবে নিজ নিজ অঞ্চলত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পাৰে আৰু পুষ্টিহীনতাৰ পৰা আৰোগ্য লাভ কৰিব পাৰে তাৰ বাবে এইবোৰ কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিব পৰা যায়। ইয়াৰ উপৰিও সমাজ কল্যান বিভাগে শিশু সকলক শিক্ষিত কৰাত ব্যস্ত থকাৰ লগতে সমাজৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। পানীয়াখাট “ক” অংগনাৱাদি কেন্দ্ৰৰ কৰ্মী মোবাৰক বেগমৰ কেন্দ্ৰ খন মডেল কেন্দ্ৰলৈ উন্নত হৈছে বুলি জানিব পৰা যায়। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে পূব মঙলদৈ উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়, জিলা সমন্বয়ক পাৰভেছ মেহেদি, চক্ৰ চুপাৰভাইজাৰ জয়শ্ৰী দাস, খণ্ড সমন্বয়ক আমিনুল হকৰ লগতে প্ৰায় অৰ্ধ শতাধিক স্থানীয় ৰাইজৰ লগতে মহিলা সকল।

Leave A Reply