Breaking

বঙাগাঁৱত ‘দ্যা মিছিং গাৰ্ল’( The Missing Girl)ৰ শুভ মহুৰত

0 2,048

বঙাইগাঁৱত ’দ্যা মিছিং গাৰ্ল’ নামৰ চুটি কথাছবি এখনৰ শুভ মহুৰত হয় ৷ অসম সন্তান তথা বলিউড জগতৰ এগৰাকী পৰিচালক নীলিপ দেৱৰ দ্বাৰা পৰিচালিত এই চুটী ছবিখনৰ শুভ মহুৰতৰ আৰম্ভণি কৰা হয় বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ত ৷ এই ছবিখনৰ শুভ মহুৰত কৰে জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ সচিব অশোক দাসে ৷ বিশ্ব জুৰি চৰ্চিত কন্যা সন্তানৰ ভ্ৰুণ হত্যাৰ ওপৰত নিৰ্মাণ কৰা হ’ব এই চুটি ছবিখন ৷ কন্যা ভ্ৰূণ হত্যাৰ ফলত নাৰী সমাজত ইয়াৰ প্ৰভাৱক বিষয়বস্তু হিচাপেলৈ ইয়াৰ ওপৰতে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে চুটি ছবিখন ৷ পৰিচালক নীলিপ দেৱ বৰ্তমান মুম্বাইত বলিউড জগতৰ  এগৰাকী প্ৰতিষ্ঠিত শিল্পী ৷ নিজে কেইবাখনো কথাছবি পৰিচালনা কৰাৰ লগতে প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চনকে ধৰি বলিউড জগতৰ কেইবাজনো স্বনামধন্য শিল্পীৰ সৈতে ছবিত কাম কৰিছে ৷ অসম তথা বঙাইগাঁৱৰ সূযোগ্য সন্তান নীলিপ দেৱ পৰিচালিত এই চুটি ছবিখনে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে ৷ উল্লেখ্য যে চুটি ছবিখনৰ আজিৰে পৰা দৃশ্যগ্ৰহণ আৰম্ভ হৈছে ৷ 

Leave A Reply