Breaking

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় ১৫০ বছৰীয়া উপলক্ষে”ক্ৰীড়া প্ৰতিযোগিতাৰ শুভৰাম্ভ”…..

0 38

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া ক্ৰীড়া প্ৰতিযোগিতাত জিলাৰ ভিন্ন প্ৰান্তৰ স্কুলৰ ছাত্ৰ ছাত্ৰীযে অংশগ্ৰহণ কৰে।এই প্ৰতিযোগিতাত প্ৰবীণ খেলুৱৈ ডঃকিৰণ বায়ন উপস্থিত থাকি কিছু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

এই স্কুলখন যিমানখিনি উন্নতি কৰিব লাগিছিল তাৰ  তুলনাত অন্য় স্কুলসমূহ যথেষ্ঠ উন্নতি সাধন কৰিছে।ইয়াৰ আন্তঃগাঁথনি ৫৭ বছৰ আগতে যেনেকুৱা আছিল এতিয়াও সলনি হোৱা নাই। সত্ৰনগৰী বৰপেটাক চৰকাৰে মাহী আইৰ দৃষ্টিৰে চোৱা বুলি মন্তব্য কৰে।

ব্ৰিটিছৰ শাসনকালত ১৮৭১ চনত স্থাপিত স্কুলখন উন্নতি তেনেই নিম্ন।বৰপেটাৰ খেলুৱৈ সকলে ভিন্ন দিশত সুনাম কৰি অহা সত্ত্বেও পৰ্যাপ্ত খেলপথাৰৰ অভাৱ হোৱা হেতুকে অনুশীলন কৰিব পৰা নাই।বৰপেটাত এখন উন্নত মানদণ্ডৰ ষ্টেডিয়াম নাই,৪০০ মিটাৰৰ ট্ৰেক এতিয়ালৈকে হোৱা নাই।ৰামৰায় ষ্টেডিয়ামখন আছে যদিও সম্পূৰ্ণ হোৱা নাই।পৌৰসভাৰ খেল পথাৰখনো ৪০০ মিটাৰৰ ট্ৰেক বনোৱাৰ বাবে উপযুক্ত নহয়।

বৰপেটাত খেলুৱৈৰ প্রতিভা আছে যদিও উপযুক্ত সুবিধাৰ অভাৱ।উপযুক্ত সুবিধা লাভ কৰিলে খেলুৱৈ সকলে আগবাঢ়ি যাব বুলি মন্তব্য কৰে।বৰপেটাক  উন্নতিৰ ক্ষেত্ৰত চৰকাৰে বঞ্চিত কৰিছে ।বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়ৰ উন্নতি কৰাৰ কথা আছিল যদিও আন ঠাইৰ মহাবিদ্যালক স্বীকৃতি দিয়া হয়। ইয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে এইয়া এক নুবুজা সাঁথৰ।বিজেপি চৰকাৰক সুদৃষ্টি দিবলৈ প্ৰাক্তন খেলুৱৈ গৰাকীয়ে কাতৰ আব্বান জনায়।  

Leave A Reply