Breaking

যোগী আদিত্যনাথৰ বিৰুদ্ধে ঘৃণামূলক ভাষণঃ আজম খানক ৩ বছৰৰ কাৰাবাস, হেৰুৱাব পাৰে সাংসদৰ পদ

0 36

বিপদত পৰিছে আজম খান। ইটোৰো পিছত সিটো বিতৰ্কত সাঙোৰ খাই পৰা আজম খানৰ বিৰুদ্ধে আজি কাৰাদণ্ডৰ ৰায় শুনোৱা হয়।সমাজবাদী পাৰ্টিৰ নেতা আজম খানক উত্তৰ প্ৰদেশৰ ৰামপুৰ আদালতে ৩ বছৰৰ বাবে কাৰাবাস বিহিছে ।সমাজবাদী পাৰ্টিৰ নেতাজনক ২০১৯ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কৰা ঘৃণামূলক ভাষণৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ৩ বছৰৰ কাৰাদণ্ডৰ উপৰি আজম খানৰ লগতে আন ২ জন অভিযুক্তক ঘৃণামূলক ভাষণৰ গোচৰত ২,০০০ টকাৰ জৰিমনা বিহা হৈছে।

অৱশ্যে অভিযোজন যুটীয়া সঞ্চালক ভাৰপ্ৰাপ্ত এছ পি পাণ্ডেয়ে সংবাদ মাধ্যমক জনাইছে যে আজম খানে ইয়াৰ বাবে আবেদন কৰিলে জামিন লাভ কৰিব পাৰে। তেওঁ লগতে কয় যে তেওঁৰ সাংসদ পদটো হয়তো বাতিল কৰাও হ’ব পাৰে । নিয়ম অনুসৰি কাৰাবাস দুবছৰতকৈ বেছি হ’লে বিধায়ক বা সাংসদৰ পদ বাতিল হ’ব পাৰে।। যদি আজম খানে জামিনৰ বাবে আবেদন কৰে, তেওঁ পাব পাৰে বুলিও বিষয়াগৰাকীয়ে কয়। ২০১৯ ত ৰামপুৰৰ মিলাক কোতৱালীত আজম খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। সেই সময়ত তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু আইএএছ আউঞ্জনেয়া কুমাৰ সিঙৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য কৰাৰ অভিযোগ উঠিছিল। তেতিয়াৰে পৰা আজম খানৰ বিৰুদ্ধে দুটা ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল।উক্ত গোচৰৰ ভিত্তিতে তেওঁক তেওঁক ৩ বছৰৰ কাৰাদণ্ড দিয়া হৈছে।

Leave A Reply