Breaking

গৰমত চুলি সৰিছে নেকি? চুলি সমস্যা কেনেকৈ ৰোধ কৰিব…

0 38

চুলি সৰা ৰোধ কৰিবলৈ ঔষধ খোৱাৰ পৰিৱৰ্তে কিছুমান বিশেষ খাদ্য খাওক যিবোৰে চুলি শক্তিশালী কৰি তোলে। অফিচলৈ আহিব সময়ত, নাইবা ৰাতিপুৱা শ্বাৱাৰৰ পৰা ওলাই অহাৰ সময়ত বহু চুলি সৰা দেখা যায়। বহুলোকৰ ডাঠ চুলি সৰি সৰি পাতল হৈ পৰিছে। আপোনাৰ এই পাতল চুলিখিনি ডাঠ কৰিবলৈ ঔষধ খাব নালাগে।কিছুমান বিশেষ খাদ্য খালেই হৈ গ’ল।

খাদ্য সমূহ হৈছে-

বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। ফলত বিলাহী চকুৰ বাবে অতি উত্তম। কেৱল চকুৰ বাবেই নহয় মূৰৰ ছালৰ পুষ্টি আৰু চুলিৰ গুৰি মজবুত কৰাৰ বাবে বিলাহী অতি উপকাৰী। প্ৰতিদিনে এটাকৈ কেঁচা বিলাহী খাব পাৰিলে ভাল।

চুলি সৰা সমস্যা দূৰ কৰিবলৈ নৰসিংহ পাত উপযোগী। ইয়াত বিভিন্ন ভিটামিন থকাৰ লগতে চুলিৰ বাবে প্ৰয়োজনীয় আইৰণ, জিংক আদি কিছুমান খনিজ পদাৰ্থও থাকে। চুলিৰ গুৰি মজবুত কৰাত সহায় কৰে নৰসিংহ পাতে আহাতে চুলিৰ সমস্যাও দূৰ কৰে।

ওটচ কেৱল পেট আৰু হৃদযন্ত্ৰৰ বাবে ভাল উপকাৰী নহয়, ওটচৰ পৰাও চুলি সৰা সমস্যা দূৰ কৰিব পাৰি। ইয়াত ওমেগা-৩ৰ লগতে আইৰণ, জিংক, খনিজ পদাৰ্থৰ দৰে উপাদান থাকে। এই উপাদানে ছাল আৰু চুলিক পুষ্টি প্ৰদান কৰে।

চুলিৰ গুৰি শক্তিশালী কৰিবলৈ আমলখি অতি উপকাৰী। ভিটামিন চি সমৃদ্ধ আমলখিয়ে চুলিত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যোগান ধৰে। দৈনিক এটা আমলখি খোৱাৰ অভ্যাসে চুলি সৰা সোনকালে ৰোধ কৰে।

Leave A Reply