Breaking

সপোনত সিংহ দেখিছে নেকি? সপোনত সিংহ দেখিলে ভৱিষ্যতে কি হ’ব জানি লওক…

0 127

বহু সময়ত আমি সপোন দেখিলে আমাৰ ভয় লাগে নাইবা টোপনিত প্ৰভাৱ পৰে। বিশেষকৈ ৰাতি সপোন দেখিলে আমি সমস্যাত পৰোঁ। কিয়নো আমি হঠাতে সাৰ পাই যাও। কিছুমান সপোনৰ বাবে আমি ভয়ও খাওঁ। কিন্তু সপোন বিজ্ঞানৰ মতে সপোনত দেখা বস্তুবোৰৰ কিছু অৰ্থ আছে। বহু সপোনক শুভ বুলি গণ্য কৰা হয় যদিও বহু সপোনৰ প্ৰতি আমি সতৰ্ক হোৱাটো প্ৰয়োজন। আজি আমি আপোনালোকক ক’ম যে সপোনত সিংহ দেখা পোৱাটো ভাল সপোন নে বেয়া সপোন।

সপোনত সিংহ দেখাটো শুভ বুলি গণ্য কৰা হয়। সপোন বিজ্ঞানৰ মতে সপোনত সিংহ দেখাৰ অৰ্থ হ’ল কোনো সমস্যাৰ পৰা মুক্তি পোৱা। আনহাতে যদি আপুনি বিয়া হোৱা নাই তেন্তে আপোনাৰ বিবাহৰ বাবে সম্পৰ্ক আহিব পাৰে।


সপোনত যদি আপুনি সিংহক ভয় কৰা দেখিছে তেন্তে তাৰ অৰ্থ হ’ল আপুনি আপোনাৰ জীৱনত চলি থকা সমস্যাবোৰৰ প্ৰতি ভয় খাইছে। এই সমস্যাবোৰৰ প্ৰতি আপুনি ভয় কৰিব নালাগে, আপুনি নিৰ্ভয়ে সমস্যাবোৰৰ সন্মুখীন হ’ব লাগিব।


সপোনত সিংহৰ গৰ্জন শুনিলে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ’ল যদি আপোনাৰ জীৱনত কোনো সমস্যা চলি আছে তেন্তে ইয়াৰ সমাধান বিচাৰি পোৱা যাব।

Leave A Reply