Breaking

হাজোত বিজেপিৰ সহযোগ নিধি অভিযানৰ শুভাৰম্ভ

0 30

হাজো সমষ্টিৰ অন্তৰ্গত শ্বহীদ নগেন ডেকা গাওঁ পঞ্চায়তৰ সভাগৃহত ভাৰতীয় জনতা পাৰ্টী হাজো ও উত্তৰ হাজো মণ্ডলৰ সহযোগ নিধি অভিযান আজি আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰা হ’য় । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে সমগ্ৰ ৰাজ্যৰ  সমান্তৰালকৈ আজি হাজো সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টী হাজো মণ্ডল আৰু উত্তৰ হাজো মণ্ডলৰ সহযোগ নিধি যুটীয়াভাবে মুকলি কৰা হয় ।হাজো মণ্ডলৰ সভাপতি ভূপেন কলিতাৰ পৌৰহিত্যত শ্বহীদ নগেন ডেকা গাওঁ পঞ্চায়তৰ সভাগৃহত অনুস্থিত আজিৰ সভাত হাজো সমষ্টিৰ পৰা ১০০ শতাংশই সহযোগ নিধিত সহযোগ আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই ।

সভাত কামৰূপ জিলা পৰিষদৰ অধ্যক্ষা ৰীতা তালুকদাৰ ,কামৰূপ জিলা বিজেপিৰ সাধৰণ সম্পাদক গৌতম কলিতা,হাজো মণ্ডলৰ উপ সভাপতি বিষ্ণু পাঠক ,হাজো মণ্ডলৰ সাধাৰণ সম্পাদক মৃনাল কলিতা,বিজেপি কৰ্মী মনোজ দাস,পৰেশ দাস, উত্তৰ হাজো মণ্ডলৰ সাধাৰণ সম্পাদক মৃনাল কলিতা,মণ্টু দাস,মহেশ্বৰ দাসকে প্ৰমুখ্য কৰি দুয়োটা মণ্ডলৰ অন্তৰ্গত দলীয় কাৰ্যকতা সকল উপস্থিত থাকে । এই সহযোগ নিধিৰ জৰিয়তে বিজেপি দলৰ নেতা কৰ্মী বিষয়ববীয়া, সমৰ্থিত কাৰ্যকৰ্তা, শুভকাংশীৰ পৰা ৫০টকাৰ পৰা ১৯৯৯ টকালৈ নিজৰ সাধ্যনুসৰি আৰ্থিক বৰঙণি সংগ্ৰহৰে দলৰ আৰ্থিক ভেটি মজবুত কৰাৰ লগতে দলীয় অনুষ্ঠান প্ৰতিষ্ঠান চলোৱাত খৰচ বহনত এই বৰঙনি ব্যৱহাৰ কৰিব বুলি জানিব পৰা গৈছে।তদুপৰি আজিৰ সহযোগ নিধিত বিধায়িকা সুমন হৰিপ্ৰীয়াক প্ৰত্যক্ষভাৱে সহযোগ আগবঢ়াই বিজেপি কৰ্মী মনচুব আলী,মনোজ দাস,পৰেশ দাস,মনাহকুছি পঞ্চায়তৰ সভানেত্ৰী মঞ্জু দাস,১ নং হাজো গাওঁ পঞ্চায়তৰ সভানেত্ৰী টুটুমণি দাস,তিলমা মেধিকে প্ৰায় সংখ্যক দলীয় কাৰ্যকৰ্তাই।

Leave A Reply