Breaking

শিৱসাগৰত শিপাইছে জুৱা খেলে। নগদ ধনসহ তিনি জুৱাৰীক কৰায়ত্ব

0 1,548

মাৰাত্মক ড্ৰাগছতকৈও শিৱসাগৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জুৱা খেলে। শিৱসাগৰৰ হাতীখোকত নিশা বৃহত জুৱাৰ ঘাটী উৎখাত। নগদ ধন সহ তিনিটা জুৱাৰীক হাতেলুটে কৰায়ত্ব , পলাতক জুৱাৰীৰ ৪ খনকৈ বাইক জব্দ। পলাতক জুৱাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ড সহ পাঁচটাক বিছাৰি শিৱসাগৰ আৰক্ষীৰ জোৰদাৰ অভিযান।ঐতিহাসিক শিৱসাগৰত সম্প্ৰতি ড্ৰাগছত কৈও ভয়ানক ৰুপত নতুন প্ৰজন্মৰ মাজত শিপাইছে জুৱা খেলে৷শিৱসাগৰ চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চল সমুহত দীৰ্ঘ সময়ধৰি লাখ লাখ টকাৰ জুৱা খেল অনুস্থিত কৰাৰ লগতে অসামাজিক কাৰ্য্যকলাপৰ নেতৃত্ব বহণ কৰি এটা এটা কূখ্যাত জুৱাৰী চক্ৰৰ ঘাটীত যোৱা নিশা চলিল শিৱসাগৰ আৰক্ষীৰ অভিযান৷

শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই ৰাইজৰ গোপন খবৰৰ ভিত্তিত সদৰ উপ আৰক্ষী অধীক্ষক ডেইজী গগৈৰ সহযোগত চলোৱা অভিযোগত নগৰৰ সমীপৰ হাতীখোক গাৱৰ হাইদৰ ফকীৰ পথৰ এটা অৱৈধ লোহাৰ ডেম্পৰ পৰা জুৱা খেলি থকা অৱস্থাত তিনিটাকৈ কূখ্যাত জুৱাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷দীৰ্ঘ সময় ধৰি অপকৰ্মৰ অভিকেন্দ্ৰ স্বৰূপ অৱৈধ লোহাৰ ডেম্পটোত ঘাটী স্থাপন কৰি জুৱা খেলি থকা অৱস্থাত হাতেলুটে কৰায়ত্ব কৰা জুৱাৰী কেইটা হৈছে ডেম্পটোৰ গৰাকী আক্ৰামুল হুছেইন ওৰফে মুনু, নগাওঁ জিলাৰ চামগুৰিৰ অহিদুল ইছলাম আৰু কলিয়াবৰৰ নজৰুল ইছলাম৷

আৰক্ষীয়ে জুৱাৰ ঘাটীটোৰ পৰা নগদ ধনৰ লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে পলাতক জুৱাৰীয়ে এৰি থৈ যোৱা এএচ ০৪ কে ৪২৫১ নম্বৰৰ এখন স্কুৰ্টী আৰু এএচ ০৪ এন ৩৪৯৮ / এএচ ০৪ ভি ০৬০২ / আৰু এএচ ০৪ এস্ক, ৩৭৯৬ নম্বৰৰ তিনিখন মটৰ চাইকেল,তিনিটা মূল্যবান এনড্ৰইড মৱাইল জব্দ কৰিবলৈ সক্ষম হয়৷অৱশ্যে জুৱাৰী চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড তথা কূখ্যাত জেলফেৰত অপৰাধী সহ মুঠ পাঁচটাকৈ জুৱাৰীয়ে আৰক্ষীৰ অভিযানৰ সময়ত আন্ধাৰৰ সুযোগ লৈ জুৱাৰ ঘাটীত বাইক, স্কুৰ্টী, মৱাইল এৰি পিছফালৰ পিতনিয়েদি পলায়ণ কৰিবলৈ সক্ষম হয়৷প্ৰাপ্ত বাতৰি মতে সঘনাই জিলাখনৰ বিভিন্ন স্থানত সলনা সলনিকৈ ঘাটী স্থাপনেৰে লাখ লাখ টকাৰ জুৱাৰ খেল অনুস্থিত কৰি ঐতিহাসিক শিৱসাগৰৰ সামাজিক পৰিৱেশ ধংস কৰি অহা এই কূখ্যাত জুৱাৰী চক্ৰটোৰ মাষ্টাৰ মাইণ্ডটোৱে বিগত দুটা মাহ ধৰি হাইদৰ ফকীৰ পথৰ আক্ৰামূল ( মুনু)ৰ লোহাৰ গোদামত জুৱা খেল অনুস্থিত কৰি আহিছিল৷

নিদ্ধাৰিত সময়ত সংগঠিত ৰূপত জুৱা খেল অনুস্থিত কৰিবৰ বাবে কূখ্যাত জুৱাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ডে নিজে এডমিন হৈ এটা জুৱাৰীৰ দলৰ ৱাটচ এপ গ্ৰুপু খুলি লৈছিল৷ইফালে শেহতীয়াকৈ এই জুৱাৰী চক্ৰটোৱে হাতীখোকৰ দৰে সম্ভ্ৰান্ত অঞ্চলত জুৱা, সুৰা, আৰু নাৰীৰ ৰমৰমীয়া বেহা গঢ়ি তুলাৰ তথ্য লাভ কৰি আৰক্ষী অধীক্ষক গৰাকীৰ পৰিচালনাত সদৰ ডি এচ পি গৰাকীয়ে জয়সাগৰ আৰক্ষীৰ সহায়ত অভিযান চলাইছিল যদিও চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড, জেল ফেৰত অপৰাধী তথা নাৰী দেহ বেহাৰ চৰ্দাৰটোৰ লগতে বাকী ৫ টা জুৱাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ণ কৰিবলৈ সক্ষম হোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

প্ৰতি নিশা এক লাখ টকালৈকে শ্ব মনি উঠা এই জুৱাৰ ঘাটীটোত যোৱা নিশা আৰক্ষীৰ অভিযানৰ সময়ত প্ৰায় ৬ লাখ টকা মজুদ আছিল যদিওঁ চতুৰ জুৱাৰী কেইটাই নিজৰ বাইক, মৱাইল পেলাই বৃহত পৰিমাণৰ ধন সমুহ ঘটনাস্থলীৰ পৰা লৈ পলায়ণ কৰিবলৈ সক্ষম হয় ৷আনহাতে নিশাই স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত জয়সাগৰ আৰক্ষী চকীত চলোৱা মাৰাথান জেৰাত ধৃত আক্ৰামূল, অহিদুল, আৰু নজৰুলে এই চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ডটোৰ কথা স্পষ্টকৈ উল্লেখ কৰাৰ লগতে জুৱাৰ ঘাটীত এৰি থৈ যোৱা বাইক, স্কুৰ্টীৰ প্ৰকৃত গৰাকীৰ নাম ঠিকনা প্ৰকাশ কৰিছে বুলি আৰক্ষীৰ শীৰ্ষ সুত্ৰটোৱে জানিবলৈ দিছে।আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভদ নিজা ববীয়াকৈ ২৬৪/ ২০২২ নম্বৰৰ অটা গোচৰ ৰুজু কৰাৰ লগতে অসম গেম্বলিং এণ্ড বেটিং এক্ট ১৩/ ১৪ ৰ অধীনত তিনিওটা জুৱাৰীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাত আদালতে জেললৈ প্ৰেৰণ কৰে৷

Leave A Reply