Breaking

ছাত্ৰবৃত্তিৰ ধন আত্মসাৎ কৰি আটক সোণতলীৰ ডেকাচাং হাইস্কুলৰ প্ৰধান শিক্ষক, সহ: শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি ।

0 1,199

সোণতলী : ৰাজ্যত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত পুনৰাই সংখ্যালঘু উন্নয়ন বিভাগৰ দ্বাৰা সংঘটিত হৈছে বৃহৎ কেলেংকাৰী৷ শেহতীয়াভাৱে জালিয়াতিৰে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাতৰ এই ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া শিক্ষাখণ্ডৰ  অন্তৰ্গত ডেকাচং উচ্চ মাধ্যমিক বিদ্যালয়ত৷ ফলত এই বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত মঙ্গলবাৰে সন্ধিয়া আৰক্ষীৰ হাতত আটক হ’বলগীয়া হয় বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু সহ:শিক্ষককে ধৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি৷ এনেদৰে বিদ্যালয়খনৰ তিনিজনকৈ লোক আটক  হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্য৷ জানিব পৰামতে, ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমিনুল হকে সহ শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল বিদ্যালয়ৰে একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে৷ অভিভাৱকসকলে কৰা অভিযোগ মতে, প্ৰধান শিক্ষক আৰু তেঁওৰ সাংগোপাংগোয়ে সংখ্যালঘু উন্নয়ন বিভাগৰ এচাম বিষয়া-কৰ্মচাৰীক মেনেজ কৰি ছাত্ৰবৃত্তিৰ নামত সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি ৷ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক ছাত্ৰবৃত্তি দিয়াৰ নামত পাঁচশ টকাৰ পৰা এহাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল ধন৷  ইয়াৰোপৰি বিদ্যালয়ৰ ছাত্ৰ নোহোৱাৰ পিছতো ধনৰ বিনিময়ত একাংশক দিয়া হৈছে এই ছাত্ৰ বৃত্তিৰ ধন৷ ধনৰ বিনিময়ত প্ৰাক্তন ছাত্ৰয়েও লাভ কৰিছে বৃত্তিৰ ধন ৷ এই সন্দৰ্ভত অভিভাৱকসকলে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো প্ৰধান শিক্ষকে কোনো ধৰনৰ কানসাৰ দিয়া নাছিল৷ তেনে অৱস্থাত একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে এই দুৰ্নীতি সম্পৰ্কত বকো আৰক্ষী থানাত দাখিল কৰে এখনি এজেহাৰ ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে ডেকাচাঙত অভিযান চলাই আটক কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক আমিনুল হক, সহ:শিক্ষক আব্দুল আজিজ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জলাল উদ্দিনক৷ আটকাধীন তিনিওজনকে বকো আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷ মন কৰিবলগীয়া, এই কেলেংকাৰীৰ সৈতে একাংশ বেংকৰ গ্ৰামাঞ্চলত থকা গ্ৰাহক সেয়া কেন্দ্ৰ জড়িত থকাৰো অভিযোগ উঠিছে ৷ লক্ষণীয়, যোৱা বৰ্ষতো চৰকাৰৰ সংখ্যালঘু উন্নয়ন বিভাগৰ ছত্ৰছায়াতে বকো আৰু ছয়গাঁৱ সমষ্টিৰ সংখ্যালঘু অধ্যুষিত বিভিন্ন বিদ্যালয়ত সংখ্যালঘু বৃত্তিৰ নামত সংঘটিত হৈছিল বিয়াগোম কেলেংকাৰী৷ এই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল ৷

Leave A Reply