Breaking

প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ

0 19

স্বাস্থ্য আৰু জীৱনশৈলী সন্দৰ্ভত প্ৰথম বেটেলিয়ন সশস্ত্ৰ সীমা বলৰ উদ্যোগত এক পদক্ষেপ হিচাপে
গুৱাহাটীৰ জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদ মহাবিদ্যালয়ৰ পৰা বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ চিকিৎসকৰ
সৈতে সমন্বয় কৰি প্ৰথম বেটেলিয়ান এছএছবি সোণাপুৰে স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু আয়ুৰ্বেদ অ’পিডি শিবিৰ অনুষ্ঠিত কৰে।


এই কাৰ্যসূচীটো কমাণ্ডেণ্ট সুনীল কৌশিক, প্ৰথম বেটেলিয়ান এছএছবি সোনাপুৰ আৰু কমাণ্ডেণ্ট (চিকিৎসা) ড০ অজিত হেমৰোমৰ নিৰ্দেশনাত পৰিচালনা কৰা হৈছিল।শিবিৰটোৱে বাহিনীৰ কৰ্মী, পৰিয়ালৰ সদস্য আৰু স্থানীয় গাঁওবাসীক লাভান্বিত কৰে।এই শিবিৰত এডভান্স কাৰিকৰী যন্ত্ৰ ব্যৱহাৰ কৰি টেকনিচিয়ান নাছিৰ ইকবালৰ দ্বাৰা সম্পূৰ্ণ শৰীৰৰ এক শাৰীৰিক ফিটনেছ পৰীক্ষাও কৰা হয়। ইয়াৰ ফলাফলৰ ওপৰত আধাৰিত কৰি ব্যক্তি এজনৰ স্বাস্থ্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰে আৰু লগতে কৰ্মচাৰীসকলক এনে পদক্ষেপ ল’বলৈ উৎসাহিত কৰে যি তেওঁলোকক ব্যক্তিগতভাৱে আৰু কৰ্মস্থানৰ ভিতৰত লাভান্বিত কৰিব।

Leave A Reply