গোলাঘাটত স্বাস্থ্য বিভাগত বিতৰ্কই লগ এৰা নাই । পুনৰ অন্য এক বিতৰ্ক ঘেৰি ধৰিলে বিভাগটোক। গোলাঘাটত স্বাস্থ্য বিভাগৰ অকমণ্যতাৰ বাবে হাৰাশাস্তি মুমূৰ্ষ ৰোগী। এটাৰ পিছত এটা অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে। চৰকাৰী সেৱাৰ পৰা বঞ্চিত সাধাৰণ দৰিদ্ৰ পৰিয়াল। এম্বুলেন্সৰ অভাৱে জ্বলাকলা খোৱাইছে সাধাৰণ ৰাইজক । নতুন চৰকাৰৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ এনে কাৰ্যত বিপাঙত পৰিছে এতিয়া সাধাৰণ ৰাইজ। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এখন এম্বুলেন্সৰ অভাৱত হাহাকাৰ মূমূৰ্ষ ৰোগী। বহু সময় ধৰি এখন এম্বুলেন্সৰ অভাৱত হাহাকাৰ কৰিছিল ৰোগীৰ আত্মীয়ই । অৱশ্যে এই অভিযোগ আজিৰ নহ’য়। পূৰ্বতেও এম্বুলেঞ্চৰ অভাৱত ৰোগীৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা ঘটনা সংঘটিত হৈছিল গোলাঘাটৰ এই স্বাস্থ্য বিভাগত । পুনৰ বুধবাৰে নিশা এম্বুলেন্সৰ অভাৱত হাহাকাৰ কৰিব লগা হ’ল এজন ৰোগী। শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত জীতেন মেধি নামৰ ৰোগীজনৰ স্বাস্থ্য অধিক অৱনতি ঘটাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ। কিন্তু এম্বুলেন্সৰ অভাৱত দৰিদ্ৰ পৰিয়ালটো উপায়হীন হৈ পৰে। ১০৮ সেৱাত ফোন কৰি কোনো ধৰণৰ উত্তৰ লাভ নকৰিলে। অৱশেষত সাংবাদিকৰ প্ৰচেষ্টাত খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ ভ্ৰাম্যমাণ এম্বুলেন্স সেৱাৰ যোগেদিহে ৰোগীজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হ’ল। পুনৰ বাৰ মৃনাল শইকীয়াৰ এই এম্বুলেন্সে সহায় কৰিলে উপায়হীন এজন ৰোগীক। মৃনাল শইকীয়াৰ লগতে গোলাঘাটৰ ব্যৱসায়ী সংবিদি বিক্ষোপন চলিহা ,সাগৰ গোহাঁয়ে ৰোগীজনক যোৰহাটলৈ লৈ যায়। বিধায়কজনৰ লগতে ব্যৱসায়ী দুজনৰ এনে পদক্ষেপক শলাগ লৈছে সকলোৱে । বিপৰীতে চৰকাৰৰ স্বাস্থ্য বিভাগৰ অকমণ্যতাক সহজভাৱে ল’ব পৰা নাই গোলাঘাট বাসীয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ১৫ মে’ৰ পৰা এতিয়ালৈকে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ ক’ত, কিমান গ্ৰেপ্তাৰ হ’ল জানেনে?
- লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান
- গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান
- মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ
- ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…
- হিজাব পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত দংগল অভিনেত্ৰী জাইৰা ৱাছিমে ক’লে- ‘মইও এনেকৈ খাওঁ’…
- ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আমেৰিকাত দুটা ছিঙৰাৰ মূল্য ৫০০ টকা। ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক
- ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…
- অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…