Breaking

বৰপেটাত স্বাস্থ্য মন্ত্ৰীৰ কোভিড ভেকচিনৰ পৰ্যালোচনা

0 2,014

 কোভিড ভেকচিন ল’বলৈ এতিয়াও অনিচ্ছুক  লোক সকলৰ ক্ষেত্ৰত কিছু কঠোৰ স্থিতি গ্ৰহণৰ পোষকতা কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত‌ই। আজি বৰপেটা জিলাত কোভিড টীকাকৰণ সম্পৰ্কে পৰ্যালোচনাৰ বাবে উপস্থিত হোৱা বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয়। ক’ভিড প্ৰতিষেধক ল’বলৈ  যথেষ্ট বেছিসংখ্যক লোক বাকী থকা চাৰিখন জিলাৰ অন্যতম হিচাপে পৰিগণিত হোৱা বাবেই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আজি বৰপেটা জিলা ভ্ৰমণ কৰি ক’ভিড প্ৰতিষেধক অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক তথা ক’ভিড প্ৰতিষেধকৰ  ৰাজ্যিক ন’ডেল বিষয়া মুনীন্দ্ৰনাথ নাটেৰ সৈতে বৰপেটাৰ উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্তসহ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ক’ভিড প্ৰতিষেধক অভিযানৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে যিবোৰ দোকান- ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আৰু কৰ্মচাৰীয়ে দুপালি প্ৰতিষেধক গ্ৰহণ কৰা নাই তেনে দোকান সাময়িকভাৱে বন্ধ কৰি দিব লাগে।  জিলাখনত এতিয়াও এপালিও ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা লোকসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব বুলিও তেওঁ সকীয়াই দিয়ে। বৰপেটা জিলাত কাইলৈৰ পৰা অহা ১১ অক্টোবৰলৈ দৈনিক ২৫,০০০ গৰাকীকৈ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য স্থিৰ কৰা হয় বৈঠকত। মন্ত্ৰী গৰাকীয়ে প্ৰতিষেধক প্ৰদান সম্পৰ্কত গাৱে-গাৱে গৈ সমীক্ষা চলোৱাৰ পৰামৰ্শ দিয়ে। তেওঁ কয় যে, যিসকলে প্ৰতিষেধক লোৱা নাই, সেয়া কিয় লোৱা নাই সেই বিষয়ে তথ্য সংগ্ৰহ কৰক। কিমান লোক এইখন জিলাৰ পৰা আন জিলা বা ৰাজ্যলৈ প্ৰব্ৰজিত হৈছে সেই বিষয়েও এই সপ্তাহৰ ভিতৰতে তথ্য সংগ্ৰহ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।

Leave A Reply