নলবাৰী জিলাৰ বৰনৰ্দ্দী নিবাসী এগৰাকী অশীতিপৰ ক’ভিড আক্ৰান্ত বৃদ্ধাই হেলাৰঙে নিজ ঘৰতে চিকিৎসাধীন হৈ থাকি ক’ভিড জয় কৰিবলৈ সক্ষম হোৱাৰ পাছত স্থানীয় বৰনৰ্দ্দী বিনন্দ চন্দ্ৰ ডেকা সোঁৱৰণী সামুহিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ এটা দলে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ শুক্ৰবাৰে আবেলি বৰনৰ্দ্দী সামুহিক স্বাস্থ্যকেন্দ্ৰৰ উপ-অধীক্ষক ডা° বসন্ত ডেকাৰ নেতৃত্বত স্বাস্থ্যকৰ্মীৰ এটা দল ক’ভিড জয় কৰা অশীতিপৰ বৃদ্ধা অলকা দেৱীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে যোৱা ৩ জুলাইত বৰনৰ্দ্দী সামুহিক স্বাস্থ্যকেন্দ্ৰলৈ গৈ অলকা দেৱীৰ ক’ভিড পৰীক্ষা কৰোতে ক’ভিড আক্ৰান্ত হোৱাৰ বিষয়ে অৱগত হয় ৷ স্বাস্থ্য বিভাগে তেওঁক নিয়ম অনুসৰি চিকিৎসালয়ত ভৰ্তি কৰাব বিচাৰিছিল যদিও বৃদ্ধাগৰাকীয়ে নিজৰ ঘৰতে থাকি চিকিৎসা গ্ৰহণ কৰিব বুলি জনায় ৷ তেওঁ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু স্বাস্থ্য বিভাগক লিখিতভাবে অৱগত কৰে যে যদি ঘৰত চিকিৎসাসেৱা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মৃত্যু হয়, তেন্তে স্বাস্থ্য বিভাগ জগৰীয়া নহ’ব ৷ ইয়াৰ পাছত বৃদ্ধাগৰাকীক ঘৰতে চিকিৎসাসেৱা লাভৰ অনুমতি প্ৰদান কৰে ৷ যোৱা ১১ জুলাইত পুনৰ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাত ক’ভিড নিকেটিভ বুলি ফলাফল আহে ৷ ৮৪ বছৰ বয়সত সাহসেৰে ক’ভিড জয় কৰা বৃদ্ধাগৰাকীক আজি স্বাস্থ্য বিভাগে সম্বৰ্ধনা জনোৱা কাৰ্যক সচেতন মহলে প্ৰশংসা কৰিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- 1st BN SSB on full swing on Meri Matti Mera Desh
- শিৱসাগৰত পৰ্যটন বিভাগৰ উদ্যোগত ‘বিশ্ব পৰ্যটন দিৱস’ উদযাপন; মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
- পূৰ্ণ গতিত প্ৰথম বিএন এছএছবিৰ ‘মেৰি মাটি মেৰা দেশ’
- বৰপেটাত উলহ মালহেৰে ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী পালন
- সৰ্বধৰ্ম সভাৰে নিৰু শৰ্মা পৰাজুলীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান লেখিকা সংস্থা,অসমৰ
- ‘মই ক্ষমতাৰ লোভী নহয়’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত এইচ ডি দেৱেগৌড়া
- কুলশী নৈৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টংলাৰ বনগাঁৱত তিনিদিনীয়া ভাগৱত পাঠ, নাগাৰা নাম
- মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA
- গেণীচুকৰ ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা অভিযান
- জ্যোতিচিত্ৰবনত অসমীয়া চিনেমা ‘মমতাৰ চিঠি’ৰ ট্ৰেইলাৰ মুকলি