Breaking

কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত সহায়ক হ’ব পাৰে শগুণী লতা ।

0 2,048

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ

কৰোনা মহামাৰীৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াবলৈ বহু স্বাস্থ্য বিশেষজ্ঞই বিভিন্ন ধৰণৰ সামগ্রী ব্যবহাৰৰ বিষয়ে উল্লেখ কৰাৰ সময়ত ছচিয়েল মিডিয়াত শগুণী লতাই ওপৰত বিশেষ চৰ্চা লাভ কৰিছে।কৰ’না ভাইৰাছৰ ঘৰুৱা প্ৰতিষেধক হিচাপে শগুণী লতাক ব্যৱহাৰ কৰিব পৰা যায় বুলি এচামে উল্লেখ কৰিছে যদিও কিন্তু কোন সময়ত আৰু কেনেকৈ শগুণী লতাক ব্যৱহাৰ কৰিলে আমাৰ শৰীৰৰ ৰোগ প্ৰতিষেধক ক্ষমতা বৃদ্ধি হ’ব সেয়া জানি লোৱা দৰকাৰ।
কৰ’না নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে শগুণী লতা !
বৰ্তমান সময়ত মহামাৰীৰ দৰে ভয়াৱহ পৰিস্থিতিত বহুেত শগুণী লতাক প্ৰতিষেধক হিচাপে ব্যাপকভাৱে ব্যৱহাৰ কৰা দেখা গৈছে৷ নামৰ দৰে শগুণী লতাৰ আছে শতাধিক গুণ, যিকোনো জ্বৰৰ বাবে ই এক মহৌষধ। মেলেৰিয়া, টাইফয়েড, চিকুনগুনিয়া, এনকেফেলাটিছ আদিত ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। গতিকে কেতিয়া কিমান পৰিমাণে শগুণী লতাক  খালে আমাৰ অপকাৰ নহৈ ৰোগ ভাল হ’ব সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷
কেনেকৈ ব্যৱহাৰ কৰিবঃ
শগুণী লতাই একমাত্র বনৌষধী যি বহুতো ৰোগ নিৰাময়ৰ ক্ষমতা ৰাখে। ইয়াৰ বৈজ্ঞানিক নাম Tinospora cordifolia। শগুণী লতা আয়ুৰ্বেদৰ আটাইতকৈ মহত্বপূৰ্ণ বনদৰব। প্ৰাপ্ত বয়স্ক লোকে ৬ ইঞ্চি দীঘল শগুণী লতাৰ ঠাৰি এডাল ৰাতি পানীত তীয়াই থৈ ৰাতিপুৱা সেই পানী খাব পাৰে নাইবা ইয়াক থেতেলি লৈ ৰস উলিয়াই খালে সুষম পোৱা যায় বুলি চৰ্চা হৈছে। যদিহে আপোনাৰ ঘৰৰ ওচৰে পাজৰে শগুণী লতাৰ গছ দেখিছে তেন্তে আজিয়েই ঘৰত আনি লগাওঁক আৰু ইয়াক সংৰক্ষণ কৰাৰ লগতে নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্য ৰক্ষা কৰক।

Leave A Reply