Breaking

বালিঝাৰৰ নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

0 2,019

জ্ঞানৰ মন্দিৰত নমস্য শিক্ষাগুৰুৰ দুৰ্নীতি আৰু অনিয়মৰ তথ্য সময়ে সময়ে পোহৰলৈ আহিছে, শিক্ষানুষ্ঠানত প্ৰধান শিক্ষকৰ দায়িত্ব পাই সোঁৱে বাওঁৱে একাংশই চলাইছে লুণ্ঠনৰাজ। ঠিক তেনে এক ঘটনা সংঘটিত হয় কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বালিঝাৰত। নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী বালিঝাৰৰ নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ত আজি পোকে খোৱা চাউল ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিবলৈ লওঁতেই ৰাইজে হাতে-লোটে ধৰে ধুৰন্ধৰ প্ৰধান শিক্ষক গৰাকীক আৰু তাৰ পিছতেই বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুছলেম উদ্দিনৰ দুৰ্নীতি সন্দৰ্ভত ৰাইজে মৌখিক, লিখিত অভিযোগ সংশ্লিষ্ট উৰ্ধতম কতৃপক্ষক বহু বাৰ দিছিল যদিও ৰাইজৰ অভিযোগৰ সমন্তৰালকৈ প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয় খনত ইটোৰ পিছত সিটোকৈ দুৰ্নীতি আৰু লুণ্ঠন চলাই আহিছে, বিদ্যালয় নহয় যেন খীৰতি গাই এটাহে! ৰাইজৰ অভিযোগ অনুসৰি আন্তঃগাঁথনিৰ ধন, ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ নামত দুৰ্নীতি, হিচাপ-পাতি দিয়াৰ নাম গোন্ধেই নাই মুঠতে কোনো গুৰু গোঁসাই নমনাকৈ প্ৰধান শিক্ষকৰ মনমৰ্জি মতে চলাই গৈছে বিদ্যালয় খন। সোমবাৰে সুদীৰ্ঘ প্ৰায় বছৰ দিনৰ অন্তত ছাত্ৰ ছাত্ৰীক পোকে খোৱা মধ্যাহ্ন ভোজনৰ চাউল বিলাবলৈ লওঁতেই ৰাইজে প্ৰধান শিক্ষক গৰাকীক জবাবদিহি কৰে আৰু ছাত্ৰ ছাত্ৰী-অভিভাৱক মিলি দুৰ্নীতিপৰায়ণ শিক্ষক গৰাকীৰ শাস্তিৰ দাবীত বিদ্যালয় চৌহদতে সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ। স্মৰ্তৱ্য যে ৰাইজে ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়ালৈ শিক্ষক গৰাকীৰ দুৰ্নীতিৰ বহু অভিযোগ দাখিল কৰা স্বত্বেও ফল নধৰিল, ৰাইজে জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈও দাখিল কৰিছে একেই অভিযোগ। এতিয়া প্ৰশ্ন হয় ৰাইজৰ অভিযোগক মান্যতা দি আগলৈ শিক্ষা বিভাগে শাস্তিৰ দিহা কৰিবনে হাতদীঘল প্ৰধান শিক্ষক গৰাকীক ? সেয়া সময়েহে হব লক্ষণীয়।

Leave A Reply