Breaking

বৈদ্যগড়ত ধুমুহাত ব্যাপক ক্ষতিসাধন…

0 102

বৈদ্যগড় অঞ্চলৰ ভিন্ন প্ৰান্তত যোৱা নিশা সংঘটিত ধুমুহাত বিস্তৰ ক্ষতিসাধন হয় । আকস্মিক ভাবে অহা ধুমুহাৰ তাণ্ডৱত বহুলোকৰ ঘৰ ভাঙি সম্পূৰ্ণ বিধ্বস্ত হয়। আনকি ঘৰৰ ওপৰত প্ৰকাণ্ড গছ ভাঙি পৰাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বিভিষিকাময় পৰিৱেশৰ সৃষ্টি হয় । 

অঞ্চলটোৰ তুলসীবাৰী, মাহতলি,তৰণী ,বালাগাও,দলৈগাও ,হাচাণটুককে  ধৰি আন কেবাথাইতো ব্যাপক ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে । বিশেষকৈ  বহু লোকৰ বাসগৃহৰ ক্ষতিসাধন হোৱাত গভীৰ শংকা নামি আহিছে ।

আনহাতে  পথৰ ওপৰত প্ৰকাণ্ড গছ উভালি পৰাত বিদ্যুতৰ খুটা উভালি যোৱাৰ লগতে  তাঁৰ চিগাত যাতায়তৰ লগতে বিদ্যুৎ যোগান ব্যাহত হয়। ইফালে ক্ষতিগ্ৰস্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে স্থানীয় বৈদ্যগড় গাও পঞ্চায়তৰ সভাপতি দুলু ভূঞা, সচিব ৰমণী শৰ্মা প্ৰমূখ্যে লোক সকল ঘটনাস্থলীত উপস্থিত হোৱা পৰিলক্ষিত হয় ।

Leave A Reply