Breaking

মেক্সিকোৰ গুয়ানাজুয়াটো চহৰত ড্ৰাগছ সৰবৰাহকাৰীৰ দুটা দলৰ মাজত প্ৰচণ্ড গুলীচালনা…

0 49

মেক্সিকোৰ গুয়ানাজুয়াটো চহৰত ড্ৰাগছ সৰবৰাহকাৰীৰ দুটা দলৰ মাজত প্ৰচণ্ড গুলীচালনা। গুলীচালনাত চাৰিগৰাকী মহিলাকে ধৰি কমেও ৯জন লোক নিহত হয়। লগতে গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। বৰ্তমানে সংকটজনক অবস্থাত চিকিৎসাধীন হৈ আছে আহত লোককেইজন। এই আক্ৰমণৰ লগত জড়িত লোকৰ পৰিচয় অথবা কোনোধৰণৰ তথ্য বৰ্তমানেও জানিব পৰা হোৱা নাই। 

উল্লেখ্য যে, বিগত কেইবছৰমানৰ পৰা মেক্সিকোৰ গুয়ানাজুয়াটো চহৰত সক্ৰিয় হৈ আছে  ড্ৰাগছ সৰবৰাহকাৰী। যাৰ ফলত বিগত এমাহতো দুটাকৈ আক্ৰমণত কমেও ২২ জন লোক নিহত হৈছিল।

মেক্সিকোৰ Mexicoগুয়ানাজুয়াটো চহৰত ড্ৰাগছ Drugsসৰবৰাহকাৰীৰ দুটা দলৰ মাজত হোৱা গুলীচালনাত চাৰিগৰাকী মহিলাকে ধৰি কমেও ৯জন লোক নিহত হয়। আহত দুজন লোক। যাৰ অৱস্থা সংকটজনক। বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত স্থানীয় বাৰ এখনত প্ৰৱেশ কৰি বন্দুকধাৰীয়ে Gun men আক্ৰমণ সংঘটিত কৰে।

Leave A Reply