Breaking

নাজিৰাত সংবাদসেৱীক স্বেচ্ছাসেৱী সংস্থা “আশ্ৰয়”য়ে আগবঢ়ালে সহায়ৰ হাত

0 117

নাজিৰা

 সমগ্র বিশ্বৰ লগতে অসমতো ক’ভিড-১৯ৰ বিৰুদ্ধে অবিৰতভাৱে চলোৱা যুঁজখনত চৰকাৰ তথা প্ৰশাসনক সহযোগিতা কৰি জনগণক সজাগ-সচেতন কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সংবাদসেৱীসকলেও৷ এনে এক দূৰ্যোগৰ সময়ত সমাজৰ এই অতন্দ্ৰপ্ৰহৰী স্বৰূপ সাংবাদিক সকলক সম্যকভাৱে সহায়ৰ বাবে আগবাঢ়ি আহিল নাজিৰাৰ শৈক্ষিক, গ্ৰাম্য অৰ্থনীতি সাংস্কৃতিক আৰু সামাজিক স্বেচ্ছাসেৱী সংস্থা “আশ্ৰয়”। মঙলবাৰে বিয়লি নাজিৰা বালিঘাটস্থ সংস্থাটোৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত নাজিৰা-শিমলুগুৰি অঞ্চলৰ সংবাদসেৱী সকললৈ “আশ্ৰয়”ৰ তৰফৰ পৰা খাদ্য সামগ্ৰী আগবঢ়াই মানৱতাৰ নিৰ্দশন দাঙি ধৰে৷ সংস্থাটোৰ সভাপতি তথা নাজিৰা শংকৰদেৱ বিদ্যা নিকেটনৰ প্ৰধানাচাৰ্য গোপাল বৰুৱাৰ সঞ্চালনাত সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীয়ে বৰ্তমান সময়ত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ আতংকময় পৰিস্থিতিত সংবাদসেৱী সকলে গ্ৰহণ কৰা ভূমিকা আৰু স্বেচ্ছাসেৱী সংস্থাটোৱে আগবঢ়োৱা সহায়ৰ প্ৰতি উষ্ম শলাগ লয়৷ সংস্থাৰ কাৰ্যকৰী সভাপতি তথা সংবাদসেৱী মুনিন্দ্ৰ নাথ শইকীয়াই আঁত ধৰা অনুষ্ঠানত “আশ্ৰয়”ৰ মুখ্য উপদেষ্টা তথা শিক্ষক-সাংবাদিক ধ্ৰুৱজ্যোতি সন্দিকৈ, মুখ্য তত্বাৱধায়ক তথা যুৱ সমাজকৰ্মী ময়ুৰ বৰগোহাঞি, সংবাদসেৱী ভাস্কৰ জ্যোতি বৰগোহাঞিয়ে চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভনিতে সংবাসেৱীসকলক বিহুৱান আৰু সংস্থাৰ প্ৰতীক পদেৰে আদৰণি জনায়৷

Leave A Reply