Breaking

চৰাইবাহী সমবায় সমিতিৰ সচিব হেমন্ত কুমাৰ নাথক মিকিৰভেটা আৰক্ষীৰ আটক

0 63

মৰিগাঁও

ৰাজ্য চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাত বিভিন্ন সময়ত বিভিন্ন কেলেংকাৰীৰ তথ্য প্ৰকাশ হৈ আহিছে। এনে এক সময়তে চৰাইবাহী সমবায় সমিতিৰ অনিয়মৰ অভিযোগত আজি বিয়লি ১ বজাত মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত অহা তদন্তকাৰী আৰক্ষী দল এটাৰ সহযোগত  চৰাইবাহী সমবায় সমিতি লিমিটেডৰ  সচিব আটক কৰে। উল্লেখ্য, বিগত কেইটামান বছৰ ধৰি সমবায় সমিতিৰ ৰাজহুৱা বিতৰণৰ নামত অহা কেৰাচিন তেলৰ একাংশ হৰলুকি কৰি ক’লা বজাত বিক্ৰী কৰা আৰু চৰকাৰী নিৰিখতকৈ অধিক দামত গ্ৰাহক ৰাইজক বিক্ৰী কৰি চৰকাৰী নীতি নিয়ম ধোঁৱা চাঙত তুলি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ এনেএক সময়তে  অঞ্চলৰ সচেতন মহল আৰু নিৰ্বাচিত সদস্য সদস্যা সকলৰ গোচৰৰ ভিত্তিত আজি আৰক্ষীয়ে সমবায় খনৰ সচিব হেমন্ত কুমাৰ নাথক কাৰ্যালয়ৰ পৰা আটক কৰে।

Leave A Reply