Breaking

কেন্সাৰৰ পৰা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ প্রতিদিনে খাদ্য তালিকাত ৰাখক পালেং শাক

0 175

পালেং শাকে কেন্সাৰ ৰোধ কৰাত সহায় কৰে। পালেং শাকত এমজিডিজি আৰু এছকিউডিজিৰ দৰে যৌগ থাকে, যিয়ে কেন্সাৰ বৃদ্ধিৰ গতি ৰোধ কৰে। সমীক্ষাত দেখা গৈছে, টিউমাৰৰ আকৃতি কম কৰিবলৈ এই যৌগই সহায় কৰে। আনহাতে, পুৰুষৰ প্রষ্টেট কেন্সাৰৰ সম্ভাৱনাকো বহুখিনি কমায় পালেং শাকে।

পালেং শাকত থকা এন্টি-অক্সিডেন্টে কেন্সাৰ লগত মোকাবিলাৰ লগতে ব্রেষ্ট কেন্সাৰৰ পৰাও ৰক্ষা কৰে। পালেং শাকত প্রচুৰ পৰিমাণে নাইট্রেট থাকে, যিয়ে ৰক্তচাপৰ ভাৰসাম্য বজায় ৰাখে আৰু হৃদৰোগৰ পৰা ৰক্ষা কৰে। যিসকলে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছে তেওঁলোকৰ বাবে পালেং শাক অতি উপকাৰী। পালেং শাকত পর্যাপ্ত পৰিমাণে পটাচিয়াম থকাৰ বিপৰীতে ছডিয়াম থাকে কম পৰিমাণে।

সেয়ে উচ্চ ৰক্তচাপৰ ৰোগীসকলে পালেং শাক খোৱাটো উপকাৰী। বিশেষজ্ঞসকলৰ মতে, পালেং শাক খালে ৰক্তচাপৰ স্তৰ কমি থাকে আৰু হৃদযন্ত্র ভালে থাকে। শীতকালৰ আৰম্ভণিতে চর্দি-কাহৰ সমস্যাত কম-বেছি সকলাৱেই ভোগে। এই সময়ছোৱাত বেছিকৈ পালেং শাক খোৱাৰ পৰামর্শ দিয়ে বিশেষজ্ঞসকলে।

কাৰণ পালেং শাকে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বিটা কেৰোটিনৰ উপৰি সকলো ধৰণৰ এন্টি-অক্সিডেন্ট থাকে পালেং শাকত। ইয়াৰ উপৰি ভিটামিন-চি থকাত সংক্রমণৰ লগত মোকাবিলা কৰি শৰীৰক সুস্থ ৰখাত সহায় কৰে। যিসকলৰ শৰীৰত হিমোগ্লোবিনৰ মাত্রা কম তেওঁলোকে প্রতিদিনে পাতত ৰাখক পালেং শাক। লোহিত ৰক্তকণিকা বৃদ্ধিত সহায়ক ফলেট পালেং শাকত বহু পৰিমাণে থাকে।

Leave A Reply