Breaking

নিত্যপ্রয়োজনীয় খাদ্য-সামগ্ৰী, পেট্ৰ’ল- ডিজেল-ৰন্ধন গেছৰ অত্যাধিক মূল্যবৃদ্ধি : চৰকাৰৰ যোগান বিভাগ ব্যৰ্থ

0 62

সমগ্র অসমৰ লগতে দেশ তথা বিশ্বজুৰি মহামাৰী কৰ’ণাত ত্ৰাহিমধূসুদন সুঁৱৰি থকাৰ সময়তে অসমত নিত্যপ্রয়োজনীয় খাদ্য-সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ সা-সামগ্ৰীতে মূল্যবৃদ্ধি হোৱাত সৰ্বসাধাৰণ ৰাইজ জুৰুলা জুপুৰা হৈ পৰিছে। মৃতপ্রায় সদৃশ হৈ পৰিছে ৰাজ্যৰ যোগান বিভাগ। ৰাজ্যৰ অন্যতম সমন্বয়- সংহতি- ঐক্যতাৰ বৃহৎ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম), মানুহ আৰু পৰিৱেশ,অসম; বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি ৰক্ষা সমিতি, অসম; দক্ষিণ কামৰূপ সচেতন মঞ্চৰ লগতে অসম জাতীয় পৰিষদ আদি ভিন ভিন দল-সংগঠনে একত্রিত ভাৱে কয় যে – অসম চৰকাৰে প্ৰায় প্ৰতিদিনে পেট্ৰ’ল, ডিজেল, ৰন্ধন জাত সামগ্রীৰ লগতে নিত্যপ্রয়োজনীয় খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজৰ মূৰত টাঙোন মাৰিছে।পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে খাদ্য-সামগ্ৰী কঢ়িওৱা গাড়ীসমূহৰো যথেষ্ট পৰিমাণে ভাড়া বৃদ্ধি পাইছে। যাত্রী কঢ়িওৱা গাড়ীসমূহতো ভাড়া বৃদ্ধি পাইছে। যাৰফলত পংগু হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। মিঠাতেল, ৰিফাইন, আটা-ময়দা, চাউল, সকলো ধৰণৰ দালি(মচুৰ, মগু, বুট, ৰহৰ, মাহ আদি), আলু-পিয়াজ, চেনী-চাহপাত, কেৰাচিন তেল আদি নিত্য ব্যৱহার্য সামগ্রী জুই ছাই দাম হোৱা বাবে ৰাইজৰ জীৱন বিপন্ন হৈ পৰিছে। ৰাজ্যৰ বৃহৎ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্ৰধান সম্পাদক তথা সংবাদ-সাহিত্যালোচনী প্ৰভঞ্জনৰ সম্পাদক দীপক শৰ্মাই কয়- ৰাজ্যৰ যোগান বিভাগে মূল্যবৃদ্ধি নিয়ন্ত্রণত চৰমভাৱে ব্যৰ্থ হৈছে। আন্তর্জাতিক বজাৰত পেট্ৰ’লজাত সামগ্রীৰ মূল্য হ্ৰাস পাইছে, যদিও অসমৰ বজাৰত যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। জনা মতে, চুবুৰীয়া ৰাজ্য মেঘালয়তো ইন্ধনজাত সামগ্রীৰ দাম কম। অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে দাম ৰোধ কৰাত তিলমাত্রও গুৰুত্ব দিয়া নাই।” অসম জাতীয় পৰিষদৰ মুখপাত্র অমিতাভ বৰঠাকুৰে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে – অসম চৰকাৰে মন কৰিলে অত্যাবশ্যকীয় সা-সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্রীৰ দাম হ্রাস কৰিব পাৰে। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি সমূহ পালনত ব্যৰ্থ হৈছে। অসম চৰকাৰে সকলো ধৰণৰ খাদ্য সামগ্রীৰ লগতে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদিৰ দাম হ্রাস কৰিবলৈ দাবী জনাইছে- মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি ৰক্ষা সমিতি, অসমৰ সম্পাদক যুগল নাথ, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, দক্ষিণ কামৰূপ কোচ  যুৱ- সন্মিলনীৰ সম্পাদক ধৰ্মেন্দ্ৰ দাস, বিজয়নগৰ গেলামাল ব্যৱসায়ী সন্থাৰ সম্পাদক কপুৰ চান্দ জৈন আদি দল-সংগঠনে । প্ৰতি দল-সংগঠনে একেমুখে কয়- বৰ্তমানৰ ৰাজ্য চৰকাৰখনে নিত্য ব্যবহার্য সামগ্রীৰ লগতে পেট্ৰ’ল, ডিজেল, ইন্ধন জাত সামগ্রীৰ দাম ৰোধ কৰাৰ ব্যৱস্থা কৰক। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক।।।

Leave A Reply