Breaking

ক’ৰোনা যোদ্ধালৈ সোণৰ পদক উৎসৰ্গা হিমা দাসৰ

0 1,485

দৈনন্দিন বাৰ্তা ডেস্ক : ২০১৮ চনত জাকাৰ্টা এছিয়ান গেমছত ৪×৪০০ মিক্সড ৰীলেত ৰূপৰ পদক লাভ কৰিছিল ভাৰতীয় এথলেট হিমা দাসে৷ বৃহস্পতিবাৰে এটা সুখবৰটো দিছিল এছিয়ান গেমছ কৰ্তৃপক্ষই৷ তেওঁৰ সেই ৰূপৰ পদক সলনি হৈ সোণৰ পদক হয়৷ ক’ৰোনা সংক্ৰমণৰ সময়ত এনে সুখবৰ পাই আনন্দিত হিমা দাসে সেই পদক উৎসৰ্গা কৰিলে ‘নিঃস্বাৰ্থভাৱে কাম কৰাসকলৰ’ বাবে৷ উল্লেখ্য যে সেইবাৰ ৪×৪০০ মিক্সড ৰীলেত সোণৰ পদক লাভ কৰিছিল বাহৰেইন দলে৷ কিন্তু সেই দলৰ এথলেট কেমি আডেকোৱা ড’প টেষ্ট পৰীক্ষাত ব্যৰ্থ হয়৷ সেয়ে শাস্তিৰ সন্মুখীন হয় এথলেটগৰাকী৷ এথলেটিকছ ইণ্টিগ্ৰিটি ইউনিটৰ তৰফৰ পৰা কেমিক চাৰি বছৰৰ বাবে নিৰ্বাসন কৰা হৈছে৷ সেয়ে তেওঁক জাকাৰ্টা গেমছৰ পৰা অযোগ্য কৰা হয়৷ ফলত নিয়ম অনুযায়ী দ্বিতীয় স্থান লাভ কৰোতাই প্ৰথম স্থানলৈ উঠে৷ সেয়ে বৃহস্পতিবাৰে ভাৰতৰ ৰূপ সলনি হৈ সোণ হৈ পৰে৷ ইয়াৰ পাছত টুইটাৰত উল্লাস প্ৰকাশ কৰি হিমা দাসে জনালে, যিসকলে নিজৰ প্ৰাণক ভয় নকৰি দিনেৰাতিয়ে ক’ৰোনা মোকাবিলা কৰিছে, সেইসকল যোদ্ধাৰ বাবে এই পদক উৎসৰ্গা কৰা হৈছে৷ তেওঁ কয়, আমি জাকাৰ্টা গেমছৰ ৪×৪০০ মিক্সড ৰীলে ইভেণ্টত সোণ জিকিলো, সেয়া আৰক্ষী, চিকিৎসক আৰু সকলো যোদ্ধাৰ প্ৰতি উৎসৰ্গা কৰিছো৷ এইসকলে মহামাৰীৰ মাজতো অক্লান্ত পৰিশ্ৰম কৰিছে, যাতে আমি সুস্থ আৰু সুৰক্ষিত থাকিব পাৰো৷ সকলোলৈকে আমাৰ শ্ৰদ্ধা৷

Leave A Reply