Breaking

গুৱাহাটী মহানগৰীক দেশৰ ভিতৰতে অন্যতম লেখত ল’বলগীয়া চহৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাঃ গুৱাহাটী ‘মাষ্টাৰ প্লেন ২০৪৫’ৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 45

সোমবাৰে এখন বৈঠকত গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা পৰ্যালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই গুৱাহাটী আৰু বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা প্ৰস্তুত কৰে।

বৈঠকৰ সময়ত বিষয়াসকলে গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা মুখ্যমন্ত্ৰীক দাখিল কৰি জাবৰ নিষ্কাশন, পানী যোগান, নলা-নৰ্দমা, পৰিৱেশ পৰিকল্পনা আদি ব্যৱস্থাৰ সবিশেষ ৰূপৰেখা দাঙি ধৰে।

মুখ্যমন্ত্ৰীয়ে গভীৰ পৰ্যালোচনা কৰি চূড়ান্ত মাষ্টাৰ প্লেনক অনাগত দিনত উন্নয়নৰ আৰ্হি হিচাপে গঢ়ি তুলিবলৈ পৰামৰ্শ আগবঢ়ায়।

মুখ্যমন্ত্ৰী শৰ্মাৰ উপৰি এই বৈঠকত গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালকে ধৰি অন্যান্য বিষয়ববীয়াও উপস্থিত থাকে।

পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আজি এক বৈঠক যোগে গুৱাহাটী ‘মাষ্টাৰ প্লেন ২০৪৫’ৰ খচৰা পৰ্যালোচনা কৰোঁ৷ পৰ্যালোচনা কালত বিশেষভাৱে চহৰখনত কমি যোৱা নগৰীয়া অৰণ্য সৃষ্টি, উদ্যান আৰু সেউজীয়া ঠাই নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ দিশত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰোঁ। আমাৰ লক্ষ্য গুৱাহাটী মহানগৰীক আগন্তুক বছৰসমূহত দেশৰ ভিতৰতে অন্যতম লেখত ল’বলগীয়া চহৰ হিচাপে গঢ়ি তোলা আৰু এইক্ষেত্ৰত আমি দায়বদ্ধ৷”

Leave A Reply