Breaking

ঐশ্বৰ্যমণ্ডিত দৰঙৰ খটৰা সত্ৰত হিন্দু-মুছলিমৰ সমন্বয়

0 191

দৰং

হিন্দু-মুছলিমৰ সমন্বয় ক্ষেত্ৰত পৰিণত হ’ল দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ৷ এজন মুছলমান যুৱক  ঐতিহাসিক খটৰা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ ভকতসকলৰ খবৰ লোৱাৰ উপৰি ভকতসকলৰ ওচৰত আঁঠু লৈ গ্ৰহণ কৰিলে আশীৰ্বাদ৷  যুৱ সমাজ কৰ্মী চৈয়দ আব্দুল্লা নামৰ যুৱকজনে ভকতসকলক যোগান ধৰিলে অত্যাৱশ্যকীয় সামগ্ৰী৷ যিহেতু লকডাউনৰ সময়ৰে পৰা খটৰা সত্ৰ পৰিচালনা সমিতিয়ে দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰাখিছে সত্ৰ দৰ্শনৰ বাবে দুৱাৰ৷ তাৰ পৰিপেক্ষিতত সত্ৰ পৰিচালনাৰ দায়িত্বত থকা ভকতসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ৪৫০ বছৰ পূৰ্ৱে মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোৱিন্দ আতৈ প্ৰতিষ্ঠা কৰা সত্ৰখনত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আছে পূৰ্বৰে পৰা৷ একে অনুষ্ঠানতে ভকতসকলৰ চৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰাৰ উপৰি ভকতসকলক আহাৰ যোগান ধৰে যুৱ সমাজ কৰ্মী কন্দৰ্প কলিতাই৷  বিশ্বব্যাপী সংহাৰী ৰূপ লোৱা ক’ভিড-১৯ত যে অকল মুছলমান লোকে আক্ৰান্ত হৈছে সেয়া নহয়৷ ব্যাধিয়ে নাচায় জাতি নাচায় ধৰ্ম৷ সেয়ে শংকৰ আজানৰ দেশত জাতি ধৰ্ম পাহৰি আৰ্তজনক সহায় কৰিবলৈ অহা চৈয়দ আব্দুল্লাই দেখুওৱা আদৰ্শই হিন্দু-মুছলিমৰ সমন্বয়ৰ বাৰ্তা পুনৰ প্ৰতিফলন হ’ল খটৰা সত্ৰত৷ অনুষ্ঠানত উপস্থিত থাকে খটৰা সত্ৰৰ সভাপতি যাদৱ মহন্ত আৰু সত্য বৈশ্য ৷

Leave A Reply