Hojai । হোজাই জিলাৰ মোৰাঝাৰত ভুৱা নথি ব্যৱহাৰ কৰি পাছপ’ৰ্ট বনাই চৌদি আৰৱলৈ ভ্ৰমণ কৰাৰ অভিযোগত বুধবাৰে মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক। হোজাই জিলাৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষ ডিমাচা বৰ্মন আৰু মোৰাঝাৰ থানাৰ বৰ্ডাৰ আৰক্ষী বিষয়া ইচপাকুল হকৰ নেতৃত্বত চলোৱা এই অভিযানত ভুৱা পাছপ’ৰ্ট প্ৰস্তুতকাৰী লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। পাছপ’ৰ্ট জালিয়াতিৰ অভিযোগত মোৰাঝাৰ আৰক্ষীৰ জালত পৰা লোকজন মোৰাঝাৰৰ নিকটৱৰ্তী চাৰিংপথাৰ গাঁৱৰ জামালক উদ্দিন।আৰক্ষীৰ সূত্ৰ মতে, মোৰাঝাৰ থানাৰ অন্তৰ্গত চাৰিংপথাৰ গাঁৱৰ তৰমুজ আলিৰ পুত্ৰ জামাল উদ্দিনৰ বিৰুদ্ধে ভুৱা নথিৰে পাছপ’ৰ্ট প্ৰস্তুত কৰাৰ অভিযোগ লাভ কৰিছিল মোৰাঝাৰ আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি প্ৰথমে হোজাইৰ পৰা জামাল উদ্দিনক আটক কৰি সোধা-পোছা চলায়।

আৰক্ষীৰ প্ৰাথমিক তদন্তত, প্ৰায় ২৫ বছৰ পূৰ্বে জামাল উদ্দিনে নিজৰ ককায়েক আব্দুল মজিদৰ নথি ব্যৱহাৰ কৰি জালিয়াতিৰে পাছপ’ৰ্ট প্ৰস্তুত কৰাৰ তথ্য লাভ কৰে। ভুৱা নথিৰে পাছপ’ৰ্ট প্ৰস্তুত কৰি সেই পাছপ’ৰ্ট ব্যৱহাৰ কৰি চৌদি আৰৱত কেইবা বছৰ কৰ্মৰত আছিল জামাল।
বৰ্তমান জামাল উদ্দিন হোজাইৰ এজন প্ৰতিষ্ঠিত অগৰু ব্যৱসায়ী। কিন্ত জালিয়াতিৰে পাছপ’ৰ্ট প্ৰস্তুত কৰাৰ অপৰাধত মোৰাঝাৰ আৰক্ষীয়ে নিজাববীয়াকৈ ১২৩/২৬ নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬১(২), ৩১৯(২), ৩১৮(৪), ৩৪০(২) আৰু পাছপ’ৰ্ট আইনৰ ধাৰা ১২(১)(d), ১২(১)(e), ১২(২), ১২(১)(b) গোচৰ পঞ্জীয়ন কৰি বুধবাৰে হোজাইৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি অধিক তদন্তৰ কাৰণে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয়।

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত তদন্তৰ অব্যাহত ৰাখিছে মোৰাঝাৰ আৰক্ষীয়ে। ভুৱা পাছপ’ৰ্ট প্ৰস্তুতকাৰী জামালৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে। একেদৰে পাছপ’ৰ্ট প্ৰস্তুতত সহায় কৰাৰ নামলৈ হোজাই জিলাখনত এটা বৃহৎ চক্ৰ দীৰ্ঘদিন ধৰি দালালিত জড়িত হৈ আছে। এনেবোৰ দালালৰ ছত্ৰছায়াত সহজ সৰল লোকেও জালিয়াতি কৰিবলৈ সাহস পায়। এই সকল দালালক চিনাক্ত কৰি আৰক্ষীয়ে আইনগত ব্যবস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে ৰাইজে।

