Breaking

সংখ্যালঘু এলেকাৰ বিদ্যালয়ৰ নামৰ আগত ‘ডি’ শব্দ লগোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ম চমুকৈ আমছুৰ

0 1,306

হোজাই, ২৫ ডিচেম্বৰ : অসমৰ ভোটাৰ তালিতাত বহু সংখ্যক লোকৰ নামৰ পিছফালে  ‘ডি’ অৰ্থাত সন্দেহজনক শব্দটো দেখিবলৈ পোৱা যায়। এইবাৰ কিন্তু নতুনকৈ সংখ্যালঘু এলেকাৰ বহু শিক্ষা অনুষ্ঠানৰ নামৰ পাছফালে ৰাজ্য শিক্ষা বিভাগে এই ‘ডি’ অৰ্থাত সন্দেহজনক শব্দটো সংযোজন কৰাৰ লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ  বিস্ফোৰক অভিযোগ ৷ অভিযোগ  সন্দৰ্ভত আমছুৰ হোজাই জিলা সমিতিয়ে এক সংবাদমেল সম্বােধন কৰি সংখ্যালঘু লোকৰ ওপৰত চৰকাৰৰ এই ক্ষড়যন্ত্ৰ চলোৱা বুলি অভিযোগ  উত্থাপন কৰে ৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মনোৱাৰ হুছেইনে সম্বােধন কৰা সংবাদমেল খনত কয় যে চৰকাৰে বৰ্তমানে সংখ্যালঘু দুখীয়া ছাত্ৰ-ছাত্ৰীক মাইনৰিটি প্ৰি মেট্ৰিক স্কলাৰস্পিপ পোৱাৰ পৰা বঞ্চিত কৰিবলৈ নতুন পন্থা অৱলম্বন কৰিছে ৷ সংখ্যালঘু প্ৰধান এলেকা সমূহত থকা বিদ্যালয় সমূহৰ ভিতৰত যি সমূহ বিদ্যালয়ৰ পৰা ১০০ জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয় এই স্কলাৰস্পিচৰ বাবে আবেদন কৰিছে সেইসমূহ বিদ্যালয় এতিয়া সন্দেহজনক স্কুললৈ ৰূপান্তৰিত হৈছে বুলি কয় ৷ বৰ্তমানলৈকে হোজাই জিলাত ৬১ খন আৰু নগাওঁ জিলাত ৩১৮ খন স্কুল নামৰ পাছত  ৰহস্যজনক ভাৱে সন্দেহজনক শব্দটো লগাইছে ৷ এই সন্দেহজনক শব্দটোৱে এতিয়া সংখ্যালঘু ৰাইজৰ মাজত আংতকৰ সৃষ্টি হৈছে বুলি নেতা গৰাকীয়ে উল্লেখ কৰে ৷ এই সমূহ স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত কি হব বুলি অভিভাৱক সকল চিন্তিত হৈ পৰিছে বুলিও কয় নেতা গৰাকীয়ে ৷তাৰোপৰি বৰ্তমান সময়ত সংখ্যালঘু ছাত্ৰ বৃত্তি আবেদনৰ প্ৰক্ৰিয়াটো শিক্ষা বিভাগে জটিল কৰি দুখীয়া ছাত্ৰ ছাত্ৰীক ইয়াৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ বিস্ফোৰক অভিযোগ কৰে৷ গতিকে চৰকাৰে অতি শীঘ্ৰে এই বৈশম্যমূলক আচৰন বন্ধ কৰিবলৈ সংবাদমেলযোগে  চৰকাৰলৈ আহবান জনায় ৷ ইফালো যোৱা বৰ্ষত হোজাই জিলাত সংখ্যালঘু ছাত্ৰবৃত্তি ত সংগঠিত হোৱা দুৰ্ণীতি সন্দৰ্ভত হোজাই জিলা আৰক্ষী অধীক্ষকক লিখিত আকাৰে অভিযোগ দিয়াৰ পাছতো আজিলৈকে কোনো সুফল পোৱা নগল বুলি আমছুৱে  অভিযোগ উত্থাপন কৰে ৷

Leave A Reply